কুৰুৱাবাহীত পপুলাৰ ক’চিং চেন্টাৰ উদ্বোধন।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৫ফেব্ৰুৱাৰীঃ বৃহত্তৰ কুৰুৱাবাহীত জেষ্ঠ নাগৰিক সভাৰ উদ্যোগ আৰু পৰিচালনাত “কুৰুৱাবাহী পপুলাৰ ক’চিং চেন্টাৰ” নামেৰে এটা শিক্ষা কেন্দ্র মুকলি কৰা হয়। প্ৰাক্তন প্ৰধান শিক্ষক সুশীল শৰ্মাই মুকলি কৰে অনুষ্ঠানটিৰ। কুৰুৱাবাহী জেস্ঠ নাগৰিক সভাৰ সভাপতি বিনন্দ চন্দ্র বৰুৱাৰ সভাপতিত্বত হোৱা অনুষ্ঠানত জীবন শইকীয়া, চন্দ্ৰাম বৰুৱা, ৰুপা বৰা, বুবুল দত্ত আদিয়ে ভাগ লয়। ৭ জনীয়া পৰিচালনা সমিতিৰ তত্বাবধানত কেন্দ্র চলিব লগা অনুষ্ঠানটিত নবম, দশম শ্ৰেণীৰ ছাত্র ছাত্রী সকলক ইংৰাজী, গনিত, বিজ্ঞান, সমাজ-বিজ্ঞানৰ পাঠদানৰ কাম আৰম্ভ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *