কাজিৰঙাত SET প্ৰশিক্ষণৰ কাৰ্যসূচী উদ্ধোধন সাংসদ পল্লৱলোচন দাসৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৪ ফেব্ৰুৱাৰী: কাজিৰঙাৰ সুৰক্ষাৰ বাবে গঠন কৰা হৈছে Special enforcement team। বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিধিগত ভাৱে আগবাঢ়ি যোৱাত এই বিশেষ দলে কাৰ্যপন্থা হাতত ল’ব ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বন বিষয়া কৰ্মীক লৈ গঠন কৰা দলটোৰ প্ৰশিক্ষণৰ কাৰ্যসূচী শুকুৰ বাৰে উদ্ধোধন কৰে সাংসদ পল্লৱলোচন দাসে ৷ সাংসদ গৰাকীয়ে মন্তব্য কৰে যে নতুনকৈ গঠন কৰা এই দলটোৱে বন্যপ্ৰাণীক অপকাৰ কৰা দুস্কৃতিকাৰীৰ বিৰোদ্ধে আইনগত ব্যৱস্থা গ্ৰহন কৰাত দৃঢ়তাৰে প্ৰদক্ষেপ গ্ৰহন কৰিব পাৰিব ৷ আনহাতে অনুষ্ঠানত উপস্থিত হৈ সাংসদ গৰাকীয়ে সাংবাদিকৰ কয় যে গুৱাহাটীত অনুষ্ঠিত হ’ব লগিয়া ফ্লিমফেয়াৰ অনুষ্ঠানে অসমৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰসাৰতাত সুুপ্ৰভাৱ পেলাব ৷ অনুষ্ঠানলৈ অহা নামীদামী অভিনেতা অভিনেত্ৰীৰ যোগেদি দেশত অসম সম্বন্ধে ধাৰণা বিস্তাৰিত হ’ব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *