কাজিৰঙাত বাঘৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, কাজিৰঙা, ১৩ ফেব্ৰুৱাৰী: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতিয়া বাঘৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ ৷ কহঁৰা বনাঞ্চলৰ বিহদিয়া বনশিবিৰ এলেকাত উদ্ধাৰ হৈছে মতা প্ৰাপ্তবয়স্ক বাঘৰ মৃতদেহটো ৷ বনবিভাগৰ সূত্ৰ মতে তিনি চাৰিদিনৰ পূৰ্বে পাৰস্পৰিক যুঁজত বাঘটোৰ মৃত্যু হৈছে ৷ বিভাগীয় নীতি অনুসৰি বাঘটো মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি সেই স্থানতে দাহ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *