বোকাখাত শংকৰদেৱ শিশু নিকেতনত দুদিনীয়া কাৰ্যসূচীৰে শিশু বাটিকা কৰ্মশালা ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১০ ফেব্ৰুৱাৰী: বোকাখাত শংকৰদেৱ শিশু নিকেতনত যোৱা ৮ আৰু ৯ ফেব্ৰুৱাৰী তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে যোৰহাট বিভাগ ভিত্তিত শিশু বাটিকা কৰ্মশালা অনুষ্ঠিত হয়। বন্তি জ্বলাই অনুষ্ঠানৰ শুভাৰম্ভ কৰে নিকেতনৰ প্ৰতিষ্ঠাপক সম্পাদক কেশৱ উপাধ্যায়ে। মাৰ্গ দৰ্শন কৰে প্ৰান্তীয় শিশু বাটিকা সহ প্ৰমুখ ৰজনীকান্ত শৰ্মা আৰু যোৰহাট বিভাগৰ শিশু বাটিকা প্ৰমুখ ববিতা ভট্টচাৰ্যই। মুঠ ৬৩ গৰাকী আচাৰ্য আচাৰ্যা মাজুলী, যোৰহাট, গোলাঘাট জিলাৰ বিভিন্ন নিকেতন ৰ পৰা আহি অংশগ্ৰহণ কৰে। ৮ তাৰিখে ৰাতি সকলোকে অভিভাৱক আৰু শুভাকাংক্ষীৰ ঘৰত ৰখাৰ ব্যৱস্থা কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *