বোকাখাতত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে জনতাৰ ৰণশিঙা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১ ফেব্ৰুৱাৰী: গুৰু ঘাটেৰে বোকাখাতত অনুস্থিত হল কা ৰ বিৰোধীতাৰে জনতাৰ ৰণশিঙা ৷ সদৌ অসম ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ৩০ জনগোষ্ঠীয় সংগঠন আৰু শিল্পী সমাজৰ আহ্বানত অনুস্থিত প্ৰতিবাদী কাৰ্যসূচীত ১০ সহস্ৰাধীক লোকে অংশ লয় ৷ সভাত অংশ লৈ আছুৰ উপদেষ্টা সমুজ্জল ভটাচাৰ্য্যই কয় যে, চৰকাৰে হ’ হ’ কলে বেয়া পায় ৷ হ’ হ’ মানে কি তাচ্ছিল্ল কৰি প্ৰশ্ন কৰে ৷ বোকাখাতৰ পৰাই সেইসকলক কব বিছাৰিছো হ’ হ’ মানে উদ্যম ৷ উত্তৰ পূৰ্বাঞ্চলৰ মানুহে এই শব্দত প্ৰেৰণা পাই ৷ সংসদৰ মজিয়াত সংখ্যা থকাৰ বাবে চৰকাৰে কা পাছ কৰিলে, কিন্তু ৰাইজৰ আদালতত কা পাছ হোৱা নাই ৷ যাৰবাবেই ৰাজ্যজুৰি প্ৰতিবাদ চলি আছে ৷ নগন্য আৰু তাকৰ বিদেশীক সৰ্বানন্দ সোণোৱালে মোডি- শ্বাহৰ লগত আলোচনা কৰি গুজৰাটলৈ পঠাই দিয়ক ৷ অসমৰ ৭ খন জিলাৰ বাবে কা বেয়া যদি আন ২৬ খন জিলাৰ বাবে কেনেকৈ ভাল হব? সোণোৱাল চৰকাৰে উত্তৰ দিয়ক ৷ সাংবিধানিক ৰক্ষা কবচ আৰু কা কলৈ দৰদাম নকৰিব ৷ এশ শতাংশ আসন সংৰক্ষণ হওক,চাকৰীৰ সংৰক্ষণ হওক এইবোৰ আমি ৪৩ বছৰে চিঞৰি অহা দাবী ৷ এইবোৰ চৰকাৰে কৰা কাম নহয়, এইয়া অসম চুক্তিৰ ফচল ৷ সৰ্বানন্দ, হিমন্ত, অতুল, কেশৱ, ফণীয়ে কা আন্দোলনত জড়িত ৫ জনক গুলীয়াই মাৰিলে ৷ কিন্তু বোকাখাতত অনুস্থিত সংকল্প সমাৰোহত শ্বহীদ কেইজনক কিয় এবাৰো সোঁৱৰণ নকৰিলে ? ছাত্ৰসন্থাৰ কৰ্মীৰ ঘৰত গুপ্তহত্যাকাৰী পঠাইছে চৰকাৰে ৷ কিন্তু দমন আমি নামানো ৷ হে চৰকাৰ, শিল্পীক সৃষ্টিৰ বাবে টকাৰ দৰকাৰ ৷ চৰকাৰী সাহাৰ্য্য ললেও শিল্পীয়ে কা নামানে ৷ চৰকাৰে ৩ লাখ লোকক কেতিয়া চাকৰী দিব তাৰিখ ঘোষণা কৰক ৷ কা বিৰোধী আন্দোলনৰ পাছতেই চৰকাৰে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাইছে ৷ আন্দোলন জোৰদাৰ কৰি আমাৰ প্ৰাপ্য আদায় কৰক ৷ অসম চুক্তিক ভুল ব্যাখ্যা দিয়াৰ বাবে চৰকাৰে বিধান সভাৰ বিশেষ অধিৱেশন পাতি ৰাইজক ক্ষমা খোজক ৷ আন্দোলনৰ আঁৰত কোন বুলি প্ৰশ্ন কৰা সৰ্বানন্দ সোণোৱালক জনাও যে, প্ৰথমত আছে অসম প্ৰেম,দ্বিতীয়ত খিলঞ্জীয়াৰ শক্তি আৰু তৃতীয়ত কা বিৰোধীতা কৰা জাতীয়প্ৰেম ৷ছাত্ৰসন্থাৰ হাইকামাণ্ড অসমৰ ৰাইজ বুলি উল্লেখ কৰে ৷ প্ৰতিবাদী সভাত আছুৰ সভাপতি দীপাংকৰ কুমাৰ নাথে কয় যে, অসম এতিয়া অস্তিত্বৰ সংকটত ৷ অসমীয়াৰ সভ্যতা – সংস্কৃতি বিনাশ হবলৈ নিদিয়াৰ বাবেই অসমীয়া আজি ৰাজপথত ৷ ৭১ চনৰ পূৰ্বে অহা সকলো বিদেশীৰকে আমি আকোৱালী লৈছো আৰু আদৰি লোৱা নহব ৷ অগপৰ জন্মস্থান গোলাঘাটৰ লোকে দলটোৰ নেতৃত্ব লৈ বাংলাদেশীক আদৰি অনাৰ প্ৰচেষ্টা কেতিয়াও সফল হবলৈ দিয়া নহব ৷ মহাপ্ৰতাপী নৰেন্দ্ৰ মোডী, সৰ্বানন্দ সোণোৱালে আজিও বাংলাদেশ সীমান্ত চীল কৰিব নোৱাৰা কাৰ্যক আমি ধ্বিকাৰ দিছো ৷ গোচৰৰ সমান্তৰাল ভাৱে আন্দোলনো চলি থাকিব ৷ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত়্যকা বিদেশীৰ ডাষ্টবিন হবলৈ অসমীয়া নিদিয়ে ৷ বিজেপি – অগপক ক্ষমতাৰ গাদীৰ পৰা বহিস্কাৰ কৰিব লাগিব ৷ প্ৰতিবাদী সভাত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে নিজৰ বক্তব্যত কয় যে, কিছুদিনপূৰ্বে মিত্ৰজোঁট চৰকাৰে বোকাখাতত অনুস্থিত কৰা সংকল্প সমাৰোহ ভাড়াতীয়া সমাৰোহ আছিল ৷ অতুল বৰাক কেতিয়াও ৮৫৫ জন শ্বহীদৰ আত্মাই শান্তিত থাকিবলৈ নিদিয়ে ৷ অতুল বৰাই ছহীদক অপমান কৰি অসমক বিক্ৰী কৰাৰ অপচেষ্টা কৰিছে ৷ চৰকাৰে পেইড মানুহ ব্যৱহাৰ কৰি চছিয়েল মিডিয়াত আন্দোলনটোক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে ৷ আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ জ্যোতি চাংমাই কয়,জাতিৰ অস্তিত্বৰ সময়ত ৰঙা চকু দেখুৱাই আমাক চৰকাৰে ভয় দেখুৱাব নোৱাৰে ৷ অসম সাহিত্য সভা,শ্ৰীমন্ত শংকৰদেৱ সংঘই জাতিক বিক্ৰী কৰিব খোজা ৰাজনৈতিক নেতাক অধিৱেশনলৈ আমন্ত্ৰণ কৰাটো গ্ৰহণযোগ্য নহয় ৷ মুৰ্খ ৰজাইহে ৰাইজক ফেপেৰি পাতি ধৰে ৷ যিখন চৰকাৰে বানপানীৰ সময়ত সাহাৰ্যৰ বাবে ভিক্ষা কৰে সেই চৰকাৰে কেনেকৈ ৩০ কোটি টকা ব্যয় কৰি ফিল্ম ফেয়াৰ এৱাৰ্ড পাতিব পৰা হল? আন্দোলনৰ বাবে আমি আন্দোলন কৰা নাই ৷ শিল্পী সমাজৰ হৈ অভিনেতী অমৃতা গগৈয়ে কয়,প্ৰথমে মই অসমীয়া,তাৰ পাছতহে মই অভিনেত্ৰী ৷ কিছুদিন পূৰ্বে বোকাখাতত অনুস্থিত সংকল্প সমাৰোহৰ মানুহ ভাড়াতীয়া মানুহেৰে ভৰিছিল,আজি কিন্তু ওলোটা ছবি ৷ আমাক শিক্ষিত সাংসদ লাগে ৷ অসমীয়াৰ সমস্যা দিল্লীত প্ৰতিষ্ঠা কৰিব পৰা নেতা আমাক লাগে ৷ সৰ্বানন্দ সোণোৱালক জাতীয় নায়ক কৈছিলো এতিয়া নকও ৷ কা বিৰোধী আন্দোলনত জড়িত হলে প্ৰয়োজনত মোৰ কেৰিয়াৰ বাদ দিম ৷ কা বিৰোধী প্ৰতিবাদী সভাত সাংবাদিক জিতু শৰ্মা ৰাজখোৱা,শিল্পী অৰুণ হাজৰীকা,সদৌ গোৰ্খা ছাত্ৰ সন্থাৰ উপ সভাপতি অৰ্জুন ছেত্ৰী, জীপাল কৃষক শ্ৰমিক সংঘৰ সোণেশ্বৰ নৰহ,অনুসূচীত জাতি ছাত্ৰসন্থাৰ সভাপতি পৰমানন্দ দাসেও বক্তব্য ৰাখে ৷ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোণোৱাল আৰু বোকাখাত মহকুমা ছাত্ৰসন্থাৰ সম্পাদক গীতাৰ্থ শইকীয়াই আঁত ধৰা সভাৰ সামৰণী ভাষণ দিছে আছুৰ সাংগঠনিক সম্পাদক ৰাজু গগৈয়ে ৷ আনহাতে বোকাখাতত আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ৩০ জনগোষ্ঠীয় সংগঠন আৰু শিল্পী সমাজৰ উদ্যোগত জনতাৰ ৰণহুংকাৰ কাৰ্যসূচী চলি থকাৰ মাজতেই ৪ আছু কৰ্মীক আটক কৰে বোকাখাত আৰক্ষীয়ে ৷ আটক কৰা আছু কৰ্মী কেইজন হল ৰাহুল ধনুকা,প্ৰাঞ্জল দত্ত,বিশ্বজিত দেৱনাথ,ৰাহুল ছেত্ৰী ৷ নগৰৰ মাজমজিয়াৰ পৰা আটক কৰা আছু কৰ্মী কেইজনক সন্ধ্যা আৰক্ষীয়ে এৰি দিয়ে ৷ সম্পূৰ্ণ গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ কৰি থকা অৱস্থাতেই বিনা কাৰণত আৰক্ষীয়ে আছু কৰ্মীক আটক কৰা কাৰ্য্যক সকলোৱে একেমুখে গৰিহণা দিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *