কাজিৰঙাত বিশ্ব বন্যপ্ৰাণী দিৱসৰ প্ৰস্তুতি

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩০ জানুৱাৰী: কাজিৰঙাত বিশ্ব বন্যপ্ৰাণী দিৱসৰ প্ৰস্তুতি ৷ অহা ৩ মাৰ্চত বিশ্ব বন্যপ্ৰাণী দিৱস ৷ সেই উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত বিশ্ব বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব’ৰ্ডে কাজিৰঙাত ছাত্ৰছাত্ৰী সকলৰ মাজত বন্যপ্ৰাণী সংৰক্ষণ সজাগতাৰ সৃষ্টিৰ বাবে গ্ৰহন কৰিছে বিশেষ প্ৰদক্ষেপ ৷ বৃহস্পতিবাৰে কাজিৰঙাৰ কহঁৰাৰ শতবৰ্ষ উদযাপন কেন্দ্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ ৪০ জন ছাত্ৰছাত্ৰীক বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত সজাগতাৰ পাঠ দিয়া হয় ৷ তদুপৰি ছাত্ৰছাত্ৰী সকলক ক্ষেত্ৰ ভিত্তিক জ্ঞান দিয়াৰ বাবে ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰো ব্যৱস্থা কৰে বন বিভাগে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *