কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত মিছ ইণ্ডিয়া ২০২০ প্ৰতিযোগী লক্ষ্মী মৰাং।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৯ জানুৱাৰী: মিচ ইণ্ডিয়াৰ খিতাপ দখলৰ দিশত এগৰাকী অসম জীয়ৰী ৷ সৰস্বতী পূজাৰ দিনা কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত ব্যস্ত মিচ ইণ্ডিয়া প্ৰতিযোগিতাৰ চতুৰ্থ স্থানত উপনিত হ’বলৈ সক্ষম হোৱা লক্ষ্মী মৰাং ৷ অসমবাসীৰ বাবে আশাৰ সঞ্চাৰ কৰি ইতিমধ্যে ২য় ৰাউণ্ডত ভৰি দিয়া গোলাঘাটৰ ৰঙাজান নিবাসী লক্ষ্মী সৰস্বতী পূজাৰ দিনা ব্যস্ত হৈ পৰিল ২য় ৰাউণ্ডৰ বাবে প্ৰয়োজনীয় state culture represent ৰ ফ’টো গ্ৰাফী প্ৰস্তুত কৰাত ৷ এই ফ’টো গ্ৰাফ চেয়াৰ কৰাৰ ওপৰত নিৰ্ভৰ কৰিব লক্ষ্মীৰ পৰৱৰ্তী মূল্যায়ন ৷ গতিকে তেওঁ এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগ কামনা কৰিছে লক্ষ্মীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *