কাজিৰঙাৰ জনাঞ্চলত “কাজি 188 “ৰ সন্ত্ৰাস

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৫ ফেব্ৰুৱাৰী: কাজিৰঙাৰ জনাঞ্চলত “কাজি 188 “ৰ সন্ত্ৰাস অব্যাহত ৷ এশৰো অধিক পোহনীয়া জীৱজন্তু নিধন কৰি আতংকৰ সৃষ্টি কৰিছে কাজি 188 এ ৷উল্লেখ্য যে “কাজি 188 “কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা ঢেকীয়াপতীয়া বাঘ ৷ৰাষ্ট্ৰীয় উদ্যানখনৰ টাইগাৰ মনিটৰিঙ কেমেৰাত বন্দী হোৱা বাঘটোৰ চিহ্নিত কৰা হৈছে কাজি 188 হিচাবে ৷ৰাষ্ট্ৰীয় উদ্যান খনৰ কহঁৰা বনাঞ্চলৰ পৰা বাঘটো ওলাই গৈ এতিয়া বাগৰি বনাঞ্চলৰ সমীপৱৰ্তী গ্ৰামাঞ্চলত সৃষ্টি কৰিছে ত্ৰাসৰ ৷বাগৰি বনাঞ্চলৰ দক্ষিণ দিশৰ কাঞ্চনজুৰিৰ ৰাইজে বিগত বৰ্ষৰ জুলাই মাহৰ পৰা বাঘৰ আতংকত কটাব লগিয়া হৈছে নিদ্ৰাবিহীন নিশা ৷ কাৰণ সন্ধ্যা হ’লেই বনৰজাৰ আৰম্ভ হয় পশুধন নিধনৰ অভিযান ৷ উল্লেখ্য যে পূৰ্বতে একে স্থানত দেখা দিয়া বাঘটো দুটা মাহৰ পাছত পুনৰ দেখা দিছে বুলি মত প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷আনহাতে বন বিভাগে বাঘটো ধৰিবৰ বাবে পিঞ্জৰা সাজু কৰি ৰখাৰ লগতে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ নিৰ্দেশানুযায়ী বাঘ আৰু গাঁওবাসীৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে চাংঘৰ পাতি নিৰীক্ষণ কৰাৰ কথা উল্লেখ কৰে উদ্যান কৰ্তৃপক্ষই ৷বাঘটোৰ সন্ত্ৰাসৰ ফলত গাঁওবাসীয়ে দিনে নিশাই পশুধন সমূহ ঘৰতে আৱদ্ধ কৰি ৰাখিব লগিয়া অৱস্থাৰ সৃষ্টি হৈছে ৷ দিনে দিনে অধিক আক্ৰমনাত্মক হৈ পৰা বাঘটোৱে মংগলবাৰে সন্ধ্যা এজনী গৰুক আক্ৰমণ কৰি কাষতে থকা অৰণ্যলৈ যায় ৷ যাৰ প্ৰমাণ স্বৰপে থাকি গৈছে তেজৰ ডোঙা আৰু বাঘটোৰ প্ৰকাণ্ড প্ৰকাণ্ড খোজ ৷ আনহাতে একো একোটা গোহালিত ৩০/৪০ টা গৰু নিধন কৰি গোহালি উদং কৰাৰ লগতে মাতৃহাৰা গৰুৰ কণমানি পোৱালীক গৃহস্থই গিলাচত গাখীৰ খোৱাই মাতৃস্নেহ দিয়াৰ চেষ্টা কৰিছে ৷ বাঘৰ ভয়ত বৰ্তমান দিনৰ ভাগতেই মৰিশালিৰ নিৰৱতা বিৰাজ কৰা গাঁও কেইখনত সন্ধ্যা হ’লেই ভাহি আহে “বাঘ ওলাইছে ঐ বাঘ”৷

Leave a Reply

Your email address will not be published. Required fields are marked *