কাজিৰঙা শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠা দিৱস

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৪ জানুৱাৰী: শুক্ৰবাৰে কাজিৰঙাৰ পথত ছাত্ৰ-ছাত্ৰীৰ বাৰৰহনীয়া শুভাযাত্ৰা ৷ ১৯ সংখ্যক প্ৰতিস্থা দিৱস উপলক্ষ্যে কাজিৰঙা শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীয়ে মুখৰিত কৰিলে কাজিৰঙাৰ কঁহৰাৰ ৰাজপথ ৷ উল্লেখ্য যে, শুক্ৰবাৰে কাজিৰঙা শংকৰদেৱ শিশুনিকেতৰ প্ৰতিস্থা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় বৰ্ণাঢ্য কাৰ্যসূচীৰ ৷ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ পাছত বাৰৰহনীয়ে শুভাযাত্ৰা উলিওৱা হয়। পদৰ্শন কৰা হয় আকৰ্ষনীয় কলা কৌশল। লগতে গীত – নৃত্য প্ৰদৰ্শন কৰে নিকেতনৰ ছাত্ৰ ছাত্ৰী সকলে। উল্লেখ যে, ১৮ বছৰৰ পূৰ্বে মাত্ৰ ২১ জন ছাত্ৰ ছাত্ৰীৰে আৰম্ভ কৰা কাজিৰঙা শংকৰদেৱ শিশু নিকেতৰ বৰ্তমান ছাত্ৰ ছাত্ৰীৰ সংখ্যা পাঁচ শতাধিক৷ শিক্ষাৰ ক্ষেত্ৰতো বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা বিদ্যালয় খনে কাজিৰঙালৈ সুনাম কঢ়িয়াই আনিছে৷ উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কাজিৰঙাৰ প্ৰকৃতিপ্ৰেমী মনোজ গগৈ, শিশু শিক্ষা সমিতিৰ অধীনস্থ যোৰহাট বিভাগৰ সহ বিভাগ নিৰীক্ষক উমেশ বৰাৰ লগতে নিকেতন পৰিচালনা সমিতিৰ ফটিক বৰা, লীলা গগৈ, কালিদাস উপাধ্যায়, আৰু প্ৰবীণ বৰা উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *