কাজিৰঙাত যুৱ ছাত্ৰ পৰিষদৰ সংবাদ মেল। সৰ্বানন্দই অৰবিন্দ কেজৰিৱালৰ নীতি আদর্শক অনুসৰণ কৰক

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৫ জানুৱাৰী: বিজেপিৰ সংকল্প সমাৰোহৰ নামত শাসকীয় দলটোৱে বোকাখাত আৰু কাজিৰঙাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বৰ ওপৰত চলোৱা দমন নীতিৰ বিৰোদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে ৷ শনিবাৰে কাজিৰঙাত পৰিষদৰ কেন্দ্ৰীয় আৰু বোকাখাত জিলা সমিতিৰ যুটীয়া সংবাদ মেলত শুকুৰবাৰে বোকাখাতত অনুষ্ঠাত বিজেপিৰ সংকল্প সমাৰোহৰ প্ৰাকক্ষণত পুৱা বোকাখাত আৰু কাজিৰঙাত যুৱছাত্ৰ পৰিষদৰ দুজন নেতা ক্ৰমে অনন্ত গগৈ আৰু বিপুল বৰাক আটক কৰাৰ লগতে আন একাংশক বিচাৰি চলোৱা আৰক্ষীৰ অভিযানক গৰিহনা দিয়ে ৷ চৰকাৰৰ এই দমন নীতিয়ে কা বিৰোদ্ধে যুৱছাত্ৰ পৰিষদে চলাই যোৱা আন্দোলনৰ পৰা তিলমানো বিচলিত কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে ৷ লগতে বিজেপি চৰকাৰক দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নীতি আদৰ্শক অনুকৰণ কৰিবলৈ আহ্বান জনাই সংগঠনটোৱে ৷ যুৱছাত্ৰ পৰিষদৰ দাবী বোকাখাতত সংকল্প সমাৰোহত চৰকাৰে চাৰি-পাঁচ খন জিলাৰ পৰা ভাৰা কৰি যিমান মানুহ আনিলে তাতকৈ অধিক মানুহ যুৱ ছাত্ৰই গোলাঘাট জিলাতে গোটাব পাৰিব ৷ আনহাতে কা বিৰোধী আন্দোলন দমনৰ বাবে চৰকাৰে অগপৰ শাসনৰ সময়ত গুপ্ত হত্যাৰ লগত জড়িত জেপি সিঙক অসমলৈ আনিছে ৷ যুৱ ছাত্ৰ পৰিষদৰ দাবী গুপ্ত হত্যাৰ লগত জড়িত জে পি সিঙক চৰকাৰে শীঘ্ৰে অসমৰ পৰা পঠিওৱাৰ ব্যৱস্থা কৰক ৷ অন্যথা জংগী আন্দোলনৰ কাৰ্যসূচী হাতত লব পৰিষদে।

Leave a Reply

Your email address will not be published. Required fields are marked *