কলিয়াবৰ, কাৰ্বি আংলং, সৰুপথাৰৰ হাজাৰ হাজাৰ লোকৰ সমাবেশৰে বোকাখাতত বিজেপি-অগপ ৰ সংকল্প সমাৰোহ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৪ জানুৱাৰী: ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ আৰু মিত্ৰজোঁটৰ উদ্যোগত বোকাখাত ৰাজহুৱা খেলপথাৰত উদযাপন কৰা হয় বিশাল সংকল্প সমাৰোহ ৷ বোকাখাতৰ বিভিন্ন অঞ্চলৰ লগতে কলিয়াবৰ, কাৰ্বি আংলং, সৰুপথাৰৰ
প্ৰায় পোন্ধৰৰ পৰা বিশ হাজাৰ ৰাইজৰ উপস্থিতিত সভাত ভাষণ প্ৰদান কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোনোৱাল, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্ম্মা, অসম গন পৰিষদৰ কেন্দ্ৰীয় সভাপতি তথা অসম চৰকাৰৰ জেষ্ঠ মন্ত্ৰী শ্ৰীযুত অতুল বৰা, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি শ্ৰীযুত ৰঞ্জিত দাস, অসম চৰকাৰৰ জেষ্ঠ মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত, মিচিং স্বায়ত্ত পৰিষদ মূখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু অসম চৰকাৰৰ অন্যান্য কেইবাগৰাকীও মন্ত্ৰীয়ে ৷ বহু কেইজন সাংসদ, বিধায়ক তথা তিনিওটা দলৰ জেষ্ঠ নেতা উপস্থিত থকা এই সংকল্প সভাত বহু কেইটা নতুন নতুন চৰকাৰী আঁচনিৰ ঘোষণা কৰা হয় ৷ ভাষণ প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটত এখন বিশ্ববিদ্যালয় স্থাপনৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে অহা নিৰ্বাচনত জয়ী হলে বিনামূলীয়াকৈ চাউল, আধা দামত চেনী আৰু দাইল জনসাধাৰণক দিয়া হব বুলি কয়। আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বি জে পি দলত ৰাইজৰ আস্থা থকাৰ কাৰনে জনতাৰ সোঁত বৈছে বুলি মত পোষণ কৰে। আনহাতে, এই সভা চলি থকাৰ মাজতে বোকাখাতৰ ৰাজহুৱা খেল-পথাৰৰ ওপৰত উৰিল এথোপা ক’লা বেলুন ৷ উত্তৰ দিশৰ পৰা উৰি অহা বেলুনৰ থোপাটো সভাৰ মূল মণ্ডপৰ উপৰেদি লাহে লাহে আহি দক্ষিণ দিশেৰে উৰি যায়গৈ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *