বিজুলী বনাঞ্চলত অৰ্দ্ধ গলিত মৃতদেহ উদ্ধাৰ

কাজিৰঙা লাইভ, মৰঙি, ২৩ জানুৱাৰীঃ গোলাঘাট জিলাৰ মৰঙিৰ বগীজান আৰক্ষী চকীৰ অন্তৰ্গত বিজুলী বনাঞ্চলত আজি পুৱা অৰ্দ্ধ গলিত এক মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পুৱা স্থানীয় বন কৰ্মীয়ে বনাঞ্চল খনৰ ভিতৰত মৃতদেহটো এজোপা গছে হেচা মাৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। পিছত আৰক্ষীয়ে অৰ্দ্ধগলিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে‌ । লোক জন মুৰফুলনীৰ পূৰ্ণৱ নাগবংশী(৪০) বুলি জানিব পৰা গৈছে। বনাঞ্চলত চুৰিকৈ গছ কাটিবলৈ যোৱাৰ বাবে ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। বন বিভাগৰ নিৰ্লিপ্ততাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি একাংশই বনাঞ্চল খনত অবাধে বন ধংস চলাই আহিছে বুলি প্ৰকৃতিপ্ৰেমী মহলে অভিযোগ উত্থাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *