কাজিৰঙাত বলিউদৰ ষ্টাৰ অঙ্গদ বেদী

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২২ জানুৱাৰী: বলিউদৰ ষ্টাৰ তথা অভিনেতা অঙ্গদ বেদী মঙ্গলবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হয়। অসম পৰ্যটনৰ এক বিজ্ঞাপনৰ শ্বুটিং ৰ উদ্দেশ্যে বলিউদৰ অভিনেতা গৰাকী কাজিৰঙাত উপস্থিত হৈ কহঁৰা বনাঞ্চলত পৰিদৰ্শন কৰে। অসম পৰ্যটন তথা অসম পৰ্যটন বিভাগৰ বিষয়া কৰ্মচাৰী আৰু বনবিভাগৰ বনকৰ্মীৰ উপস্থিতিত বলিউদৰ অভিনেতা গৰাকীয়ে কহঁৰা বনাঞ্চলৰ কাৰাশিং বনশিবিৰৰ সমীপত বিজ্ঞাপনৰ শ্বুটিঙত অংশ লয়। বনবিভাগৰ এটা হাতীৰ পিঠিত উঠি অসম পৰ্যটনৰ বিজ্ঞাপনৰ শ্বুটিং সম্পন্ন কৰে অভিনেতা গৰাকীয়ে। উল্লেখ্য যে, কাৰাশিং বনশিবিৰৰ সমীপত গঁড় আৰু ম’হৰ যুজ প্ৰত্যক্ষ কৰাৰ সৌভাগ্যও লাভ কৰে অভিনেতা গৰাকীয়ে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কেৱল বিজ্ঞাপনৰ শ্বুটিং কৰাৰ ওপৰিও ৰাষ্ট্ৰীয় উদ্যানখনৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰি মুগ্ধ হৈ পৰে অভিনতা গৰাকী। নিশা কাজিৰঙাৰ বিলাসী ৰিজৰ্ট আ’য়ৰাত নৈশ যাপন কৰি বুধবাৰে পুৱা গুৱাহাটীৰ অভিমুখে ৰাওনা হয় অভিনেতা গৰাকী ৷ উল্লেখ্য যে, অঙ্গদ বেদী প্ৰাক্তন ক্ৰিকেটাৰ বিশান সিং বেদীৰ পুত্ৰ আৰু অভিনেত্ৰী নেহা দ্ৰেপীয়াৰ স্বামী ৷

Photo: Social media

Leave a Reply

Your email address will not be published. Required fields are marked *