“মহাদেৱ হৈ গৰল পান কৰি আছোঁ”: হিমন্ত বিশ্ব শৰ্মা

বোকাখাতৰ পৰাই আৰম্ভ কৰিব বিজেপিৰ মিত্ৰজোঁটৰ নিৰ্বাচনী কুচকাৱাজ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২১ জানুৱাৰী : ৰাজ্যত “কা” বিৰোধী আন্দোলন আৰু নতুন ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ চলি থকাৰ সময়তে আজি এক প্ৰকাৰৰ ২০২১ ৰ নিৰ্বাচনৰ কাৰণে কঁকালত টঙালি বান্ধিছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে। অহা ২৪ জানুৱাৰীত বোকাখাতত বিজেপি, অগপ, গণশক্তি দলে একত্ৰিত ভাৱে অনুষ্ঠিত কৰিব বিশাল সংকল্প সমাৰোহ৷ এই সংকল্প সমাৰোহলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত বিত্তমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী, শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা অগপৰ সভাপতি অতুল বৰা, গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, বিধায়কদ্বয় মৃণাল শইকীয়া আৰু ভবেন ভৰালীয়ে বোকাখাতৰ ৰাজহুৱা খেল পথাৰত উপস্থিত হৈ সংকল্প সমাৰোহৰ সন্দৰ্ভত বুজ লয়৷ ইয়াৰ পিছতে সমাৰোহ স্থলীৰ সমীপতে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা সহস্ৰাধিক বিজেপি নেতা-কৰ্মী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত এক সভা অনুষ্ঠিত হয়।বোকাখাতৰ যুৱ নেতা আকাশ ফুকনে আঁত ধৰা এই সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই “কা” বিৰোধী আন্দোলনৰ মাজটো ২০ ডিচেম্বৰৰ পৰা নামনি, মধ্য আৰু উত্তৰ অসমত অনুষ্ঠিত কৰা শান্তি সমদলত লাভ কৰা ৰাইজৰ অভূতপূৰ্ব সমৰ্থনৰ কথা উল্লেখ কৰে ৷ এতিয়া উজনি অসমৰ পৰা আৰম্ভ কৰিবলৈ লোৱা হৈছে সংকল্প সমাৰোহ। সমাৰোহত দুটা সংকল্প লোৱা হ’ব ৷ এটা সংকল্প বিগত ৪ টা বছৰত বিজেপি মিত্ৰজোঁট চৰকাৰে কৰি থকা কাম সমূহৰ বাকী ৰৈ যোৱা অংশসমূহ আগন্তুক এবছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ সংকল্প আৰু আনটো ২০২১ ত অনুষ্ঠিত হ’ব লগা বিধান সভা নিৰ্বাচনত বিশাল জয়যাত্ৰাৰ সংকল্প বুলি উল্লেখ কৰাৰ লগতে তেখেতে কয় যে অসমত বিজেপি য়ে মাত্ৰ পাঁচ বছৰৰ কাৰণে অহা নাই , আহিছে আগন্তুক বিশ বছৰৰ কাৰণে অসম আৰু অসমীয়াৰ সৰ্বাংগীণ উন্নয়নৰ কাম কৰিবলৈহে । ২০২১ ত অসমত পুনৰ বিজেপিৰ মিত্ৰজোট চৰকাৰ নিশ্চয়কৈ হব বুলি নিশ্চিত বাণী দি মন্ত্ৰী শৰ্মাই ২৪ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা বিশাল সংকল্প সমাৰোহলৈ সকলোকে শিলদ’ল ভাঙি ওলাই আহিবলৈ আহ্বান জনায়। সাম্প্ৰতিক সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতিৰ ভূমিকাক লৈ মন্ত্ৰী শৰ্মাই কয় যে অসমৰ সৰ্বসাধাৰণ জনতাৰ কল্যাণৰ হকে মই মহাদেৱৰ দৰে গৰল পান কৰি আছোঁ ৷ইপিনে মন্ত্ৰী অতুল বৰাই বেয়া নাচাবা, বেয়া নুশুনিবা, বেয়া নকবা; মহাত্মা গান্ধীৰ এই তিনিটা মহৎ বাণীৰ উপমা দি কয় যে আছুৰ কলা পতাকাবোৰ মই বগা দেখা পাওঁ , তেখেতে লগতে সংকল্প সমাৰোহত অভূতপূৰ্ব ৰাইজ উপস্থিত থাকিব বুলিও কয় ৷ আনহাতে, দিনৰ ২ বজাত বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত গোলাঘাট জিলাৰ বিভিন্ন বিভাগৰ মূৰব্বীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ উন্নয়নৰ খতিয়ান বিচাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উক্ত সভাত স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুয হাজৰিকা, গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলে, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে। ইফালে, সভালৈ অহাৰ পথত ডঃ হিমন্ত বিশ্ব শৰ্মাক আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীয়ে কলা পতাকা প্ৰদৰ্শন কৰাত আৰক্ষীয়ে ৩১ জন প্ৰতিবাদকাৰীক আটক কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *