কা ৰ বিৰোধীতাৰে বোকাখাতৰ পৰা সুৰৰ যাত্ৰা

বোকাখাতৰ পৰা প্রদ্যুত মহন্ত, কাজিৰঙা লাইভ, ১৬ জানুৱাৰীঃ পহিলা মাঘৰ পৰাই কা ৰ বিৰোধীতাৰে “জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ” অসমে শদিয়াৰ পৰা ধুবুৰীলৈকে আৰম্ভ কৰিছে এটি সুৰৰ যাত্ৰা ৷ বোকাখাতৰ পৰা আৰম্ভ কৰা এই সুৰৰ যাত্ৰাই অসমৰ গাঁৱ -চহৰ সামৰি গীত- নৃত্যৰে কা ৰ বিৰোধীতা কৰি জনসাধাৰণৰ মাজত এইক্ষেত্ৰত সজাগতা সৃষ্টি কৰিব ৷ আজি বোকাখাতৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাৰ শুভ আৰম্ভণি কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই ৷ উদ্ধোধনী অনুস্থানত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দাদু টাই, বোকাখাত জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰেৱ গগৈয়ে বক্তব্য ৰাখে ৷ দুখন গাড়ীৰে এই যাত্ৰা আৰম্ভ কৰা ত্ৰিশ জনীয়া দলটোৱে প্ৰথম পৰ্যায়ত উজনি অসম ভ্ৰমণ কৰিব ৷ প্ৰীতি ৰঞ্জন বৰুৱা আৰু স্বপ্নালী বৰুৱাৰ ৰচনা আৰু পৰিচালনাৰে সুৰৰ এই যাত্ৰাত প্ৰতিবাদী গীতি- নৃত্য নাটিকাও পৰিবেশিত হৈছে ৷ দশ অৱতাৰৰ পৰা ভূপেন হাজৰিকাৰ গীতৰ উপৰিও অসমৰ বাৰে- ৰহনীয়া জনগোষ্ঠীয় নৃত্যও কা বিৰোধী এই সুৰৰ যাত্ৰাত পৰিবেশন কৰা হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *