কাজিৰঙাত ঢেকীয়াপতীয়া বাঘ আৰু ইয়াৰ সম পৰভক্ষী জীৱৰ লগতে আৱাসৰ বাবে কেমেৰা নিৰীক্ষণৰ কাম আৰম্ভ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৮ জানুৱাৰী: শনিবাৰৰ পৰা কাজিৰঙা বাঘ্ৰ প্ৰকল্প এলেকাত আৰম্ভ হৈছে বাৰ্ষিক ঢেকীয়াপতীয়া বাঘ , সহ পৰভক্ষী আৰু ইহঁতৰ খাদ্য জীৱৰ জনসংখ্যা নিৰীক্ষণ কাম ৷ মুঠ চাৰিটা পৰ্যায়ত হোৱা এই নিৰীক্ষণ চতুৰ্থ নিৰীক্ষণত হোৱা কেমেৰা ট্ৰেপিংৰ কাম আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে কাজিৰঙাৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱকুমাৰে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ চহলা বিলৰ পাৰৰ কিং ক’বৰা নামৰ বনশিৱিৰ এলেকাত পুৱা কেমেৰা সংস্থাপন কৰি সঞ্চালক গৰাকীয়ে এইবাৰৰ পৰ্যবেক্ষণ আৰম্ভ কৰে ৷ অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈ , গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা , অগৰাতলিৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা আৰু গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া ও উপস্থিত থাকে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে জনোৱা মতে, ২০১৯ চনৰ সমীক্ষাত কাজিৰঙাত ১২১ টা ঢেকীয়াপতীয়া বাঘ পোৱা গৈছিল ৷ সম্প্ৰতি এই বাঘ সমুহৰ আৱাস আৰু সাম্প্ৰতিক স্থিতি নিৰূপনৰ লগতে খাদ্যৰ স্থিতি জানিবৰ বাবে এই কেমেৰা নিৰীক্ষণৰ কাম আৰম্ভ কৰা হৈছে ৷ প্ৰথম অৱস্থাত কাজিৰঙাৰ অগৰাতলি আৰু কহঁৰা বনাঞ্চলত এই কাৰ্য সম্পন্ন কৰি পৰৱৰ্তী পৰ্যায়ত কাজিৰঙাৰ কেউটা বনাঞ্চলৰ লগতে বাঘ্ৰ প্ৰকল্প এলেকাৰ লাওখোৱা বুঢ়াচাপৰিতো এই নিৰীক্ষণ আৰম্ভ কৰা হব ৷ উল্লেখ্য যে প্ৰায় তিনি মাহ ধৰি চলিব লগা এই কেমেৰা নিৰীক্ষণৰ পাচত বাঘৰ খাদ্য জন্তুৰ উপস্থিতি নিৰূপনৰ বাবে লাইন ট্ৰেজেক্টৰ কামো আৰম্ভ কৰা হব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *