কলিয়াবৰ আৰক্ষীৰ জালত আলফাৰ লিংকমেন।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৫ জানুৱাৰী: কলিয়াবৰ আৰক্ষীয়ে যোৱানিশা অভিযান চলাই এটা আলফাৰ লিংকমেনক আটক কৰে । কলিয়াবৰ আৰক্ষী থানাৰ এলেকাধীন বিহডুবিৰ নিজ বাসগৃহৰ পৰা আটক কৰা আলফাৰ লিংকমেনটোৰ নাম নিতুল বৰা। কৰ্মসুত্ৰে কেৰেলাত থকাৰ সময়চোৱাত এই নিতুল বৰা নামৰ লিংকমেনটোৱে বিভিন্ন চচিয়েল মেডিয়াত আলফা নেতা অভয় অসমৰ সৈতে বিভিন্ন সময়ত কথা পতাৰ তথ্য অসম আৰক্ষীয়ে লাভ কৰাৰ ভিত্তিতেই আটক কৰা হয় লিংকমেন নিতুল বৰাক। আটকাধীন আলফাৰ এই লিংকমেনটোৰ পৰা এই সন্দৰ্ভত আৰু অধিক তথ্যৰ সম্ভেদ উলিয়াবৰ বাবে সম্প্ৰতি কলিয়াবৰ আৰক্ষীয়ে সোধপোছৰ বাবে নিজৰ জিম্মাত ৰাখিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *