“কা” বাতিলৰ দাবীত বোকাখাতৰ ৰাজপথৰ দাঁতিত খোল, তাল, নাগাৰা, শংখ, বজায় উত্তাল কৰিলে আকাশ-বতাহ ৷

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৯ জানুৱাৰী: অসমৰ ৰাইজে কেইবাদশক ধৰি কেৱল আন্দোলন আৰু আন্দোলনেই কৰি আহিছে। আন্দোলনৰ বিনিময়ত কেৱল প্ৰতিশ্ৰুতিৰ বাহিৰে অন্য একোৱেই নাপালে ৷ শেহতীয়াকৈ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন জাঁপি দিলে অসমৰ ৰাইজৰ মূৰত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত, ৩০ টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আৰু বোকাখাতবাসী ৰাইজৰ সহযোগত এক ৰণশিঙা প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত। উক্ত প্ৰতিবাদী কাৰ্যসূচীত “কা” বাতিলৰ দাবীত অসমীয়া থলুৱা বাদ্যযন্ত্ৰ বৰ কাঁহ, তাল, নাগাৰা, ঢোল, খোল, বাহী শংখ ইত্যাদি বজায় উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি কঁপাই তুলিলে বোকাখাতৰ আকাশ-বতাহ ৷ দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা উক্ত প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন দল-সংগঠন, স্থানীয় ৰাইজ, অনুষ্ঠান প্ৰতিষ্ঠান তথা জাতিধৰ্ম নিৰ্বিশেষে সমবেত হৈ “কা” বাতিলৰ দাবীত বিজেপি চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, মৃণাল শইকীয়া মুৰ্দাবাদ, আমি কা নামানো, নৰেন্দ্ৰ মুডি মুৰ্দাবাদ, সৰ্বানন্দ জাতিদ্ৰোহী, অগপ লেইলেই ছেইছেই আদি বিভিন্ন ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে বোকাখাতৰ আকাশ-বতাহ ৷ উল্লেখ্য যে, ৮৫৫ জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত সম্পাদিত অসম চুক্তিক অৱমাননা কৰি অসমৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে হিন্দু বাংলাদেশীৰ বোজা জাপি দিবলৈ চেষ্টা কৰাৰ লগতে অসমীয়া জাতিৰ ভাষা-সংস্কৃতি ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ কৰিছে সেয়া কোনো পধ্যেই মানি লোৱা নহ’ব বুলি পুনৰ চৰকাৰক সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে। চৰকাৰে যি চল চক্ৰান্তৰে জাতিধ্বংসী নাগৰিকত্ব আইনখন অসমীয়াৰ ওপৰত জোৰজৱৰদস্তিৰে জাঁপি দিছে সেইয়া পোনচাটেই নাকচ কৰি অতি শীঘ্ৰে সংশোধীত নাগৰিকত্ব আইনখন বাতিল কৰিবলৈ চৰকাৰক সকিয়াই দিয়ে উক্ত প্ৰতিবাদী স্থলীৰ পৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *