কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্হাৰ জেষ্ঠ সাংবাদিক দ্বিপেন দত্তলৈ শ্ৰেষ্ঠ সাংবাদিক বঁটা

সাহিত্যিক প্ৰবিত্ৰ বৰাক সাহিত্য বঁটা প্ৰদান, কাজিৰঙা লাইভলৈ সন্মান

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৪ জানুৱাৰীঃ বোকাখাত মহকুমাৰ কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাই আজি মহুৰা মৌজাৰ ব্ৰহ্মপুত্ৰ পাৰৰ ১নং অফলা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত ষষ্ঠ বাৰ্ষিক মহেন্দ্ৰ নাথ হাজৰিকা সাহিত্য বঁটা আৰু তৃতীয় বাৰ্ষিক ডুন্বি কামান সোঁৱৰণী গোলাঘাট জিলা ভিত্তিত শ্ৰেষ্ঠ সাংবাদিক বঁটা প্ৰদান আৰু সাংবাদিকতাৰ বঁটা প্ৰাপক ৯ গৰাকী সাংবাদিকক আৰু এগৰাকী প্ৰগতিশীল খেতিয়কক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত কৰে | ১নং অফলা যুৱক সংঘ আৰু অফলা শৈক্ষিক সামাজিক উন্নয়ন সমিতিৰ সহযোগত অনুষ্ঠিত উক্ত বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান নিকৰি বৰতল এন এন কে নৃত্য গোষ্ঠীৰ নৃত্য পৰিৱেশনেৰে আৰম্ভ কৰা হয় | অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাৰ সম্পাদক পৱন কামানে | অনুষ্ঠানত স্বাধীনতা সংগ্ৰামী, প্ৰগতিশীল খেতিয়ক, সমাজকৰ্মী ডুম্বি কামানৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে অৱসৰপ্ৰাপ্ত অধ্যাপক গোবিণ দলেয়ে আৰু প্ৰবীণ শিক্ষাবিদ, সাহিত্যিক , সাহিত্যিক পেন্সনাৰ মহেন্দ্ৰ নাথ হাজৰিকাৰ বিষয়ে স্মাৰক বক্তৃতা প্ৰদান কৰে গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্কন সভাপতি মহেশ্বৰ শইকীয়াই | অনুষ্ঠানত ডুম্বি কামান সোঁৱৰণী জিলা ভিত্তিত শ্ৰেষ্ঠ সাংবাদিক বঁটা আমাৰ অসম কাকতৰ সাংবাদিক,প্ৰবীণ সাংবাদিক, সাংবাদিক পেন্সনাৰ দ্বীপেন দত্তক সঁফুৰা, মানপত্র, জাপি, জাতীয় বস্ত্র , স্মাৰক আৰু নগদ ধনেৰে প্ৰদান কৰা হয় | মহেন্দ্ৰ নাথ হাজৰিকা সাহিত্য বঁটা সাহিত্যিক, সাংবাদিক, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক পবিত্র বৰবৰাক মানপত্র, জাতীয় বস্ত্র, স্মাৰক,নগদ ধনেৰে প্ৰদান কৰা হয় | অনুষ্ঠানত ডুম্বি কামানৰ বৰপুত্র মহেন কামানে আৰু মহেন্দ্ৰ নাথ হাজৰিকাৰ মাজু পুত্র বিনোদ ৰঞ্জন হাজৰিকাই নিজৰ নিজৰ পিতৃৰ বিষয়ে বক্তব্য আগবঢায় | উক্ত অনুষ্ঠানত ২০১৯ বৰ্ষত সাংবাদিকতাৰ বঁটা প্ৰাপক নীলু আচাৰ্য, মোস্তাক হুছেইন, প্ৰদ্যুত মহন্ত, প্ৰিয়ংদ্বীপ কাকতী, বাবুলাল মোৰ, পলিমা চেতিয়া বসুমতাৰী, দিগন্ত কুমাৰ বৰাক, মুনীন বৰকটকী সাহিত্য বঁটা প্ৰাপক তথা দৈনিক জনমভূমিৰ উপসম্পাদক মনোৰঞ্জন বড়িক আৰু প্ৰগতিশীল খেতিয়ক গালং দলেক সংস্থাই সম্বৰ্ধনা জ্ঞাপন কৰে | তদুপৰি সংস্থাই কাজিৰঙা লাইভৰ বিষয়-ববীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে | অনষ্ঠানত বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যাম আৰু বোকাখাত মহকুমাৰ তথ্য আৰু জনসংযোগ বিষয়া মামন বৰকটকীয়েও ভাষণ দিয়ে | উক্ত অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীক কাগজ আৰু কলম উপহাৰ দিয়া হয় | অৰ্পিতা লইঙে কবিতা আবৃত্তি কৰাৰ লগতে সাংবাদিক ৰঞ্জিত ৰজকে গীত আৰু স্থানীয় বিহুৱা দলে সুন্দৰ মিচিং বিহু প্ৰদৰ্শন কৰে | অনুষ্ঠানৰ আৰম্ভনীতে ডুম্বি কামানৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বৰপুত্র মহেন কামানে আৰু মহেন্দ্ৰ নাথ হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে মাজু পুত্র বিনোদ ৰঞ্জন হাজৰিকাই | অনুষ্ঠানৰ অন্তত শলাগ জ্ঞাপন কৰে পৱন কামানে |অনুষ্ঠানৰ লগত সংগতি ৰাখি বিবিধ সাহিত্য অনুষ্ঠান কবি জয়ন্ত মাধৱ মৰাংৰ সভাপতিত্বত অনুষ্ঠিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *