নতুন বৰ্ষত নাৰী সৱলীকৰণৰ বাবে কাজিৰঙাত মেটা ক্ৰিয়েচনৰ বিশেষ অনুষ্ঠান চ’ল ক্ৰাফট

বোকাখাতৰ পৰা প্রদ্যুত মহন্ত, কাজিৰঙা লাইভ, ৪ জানুৱাৰী: নাৰী সৱলীকৰণৰ বাবে দীৰ্ঘ দিনৰে পৰা কাম কৰি অহা ‘মেটা ক্ৰিয়েচন’ নামৰ সংগঠনটোয়ে চতুৰ্থ বৰ্ষৰ বাবে নাৰী সৱলীকৰণৰ এক বিশেষ অনুষ্ঠান কাজিৰঙাত অনুষ্ঠিত কৰিবলৈ লৈছে ৷ কাজিৰঙাৰ আয়’ৰা নামৰ ৰিজৰ্টখনৰ বাকৰিত অহা ৯ ডিচেম্বৰৰ পৰা চাৰিদিনীয়া কাৰ্যসুচীৰে এই অনুষ্ঠানটো অনুষ্ঠিত হব ৷ ‘চ’ল ক্ৰাফট’ নামৰ এই অনুষ্ঠানত কাজিৰঙা আৰু বোকাখাতৰ বিভিন্ন প্ৰান্তৰৰ মহিলা সকলৰ বিভিন্ন প্ৰতিভা আৰু সৱলীকৰণৰ বাবে কাৰ্যসুচী গ্ৰহন কৰা হব বুলি জনাইছে মেটা ক্ৰিয়েচনৰ মুখ্য সমন্বয়ক নমিতা তালুকদাৰ শ্যামে ৷ চাৰিদিনীয়া এই কাৰ্যসুচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ প্ৰতিষ্ঠিত লেখিকা আৰু ঔদ্যোগী মহিলাই স্থানীয় মহিলা সকলৰ সৈতে বিভিন্ন বিষয়ত মত বিনিময় কৰিব বুলিও তেওঁ জনায় ৷ যোৱা ২৯ ডিচেম্বৰত বোকাখাতত এই অনুষ্ঠানৰ বিভাগীয় ল’গ’ উন্মোচন কৰাৰ লগতে ৩ ডিচেম্বৰৰ দিনা কাজিৰঙাৰ অৰণ্য ল’জত এখন সংবাদ মেলৰো আয়োজন কৰে ৷ চ’ল ক্ৰাফট নামৰ এই বিশেষ অনুষ্ঠানটিত মহিলাৰ আত্মসহায়ক গোটৰ দ্বাৰা প্ৰস্তুত কৰা হস্তশিল্প জাত আৰু বস্ত্ৰ শিল্পজাত সামগ্ৰীও উপলব্ধ হব ৷ অনুষ্ঠানত যোৰহাটৰ জিলা সত্ৰ ন্যায়ধীশ পলী কাকতি, ডা৹ ৰাখী শ্যাম , বিশিষ্ট লেখিকা মনিকুন্তলা ভট্টচাৰ্য্য আদি বিশিষ্ট মহিলাই অংশ গ্ৰহন কৰিব ৷ ১২ জানুৱাৰীত অনুষ্ঠান সামৰণি পৰিব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *