“৮৬০ জন শ্বহীদৰ আন্দোলনেই সফল নহল,এইটো কি আন্দোলন -ৰঞ্জিত দাস”

ৰঞ্জিত দাসৰ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া কাজিৰঙাত, পুত্তলিকা দাহ ৰঞ্জিত দাসৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩ জানুৱাৰী: নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ যুটীয়া সংসদীয় সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠকত বিৰোধী দলৰ সদস্য সকলৰ সংশোধনী প্ৰস্তাৱ অগ্ৰাহ্য কৰি  সমিতিয়ে প্ৰতিবেদন দাখিল কৰিবলৈ সাজু হোৱা কাৰ্য্যক কেন্দ্ৰ কৰি একাংশ দল-সংগঠনে গঢ়ি তোলা প্ৰতিবাদী আন্দোলন অৰ্থহীন বুলি মন্তব্য কৰাৰ পাছতে ৰাজ্যত সম্প্ৰতি ৰঞ্জিত দাসৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। ৮৬০ জন শ্বহীদৰ আন্দোলনেই সফল নহ’ল ,এইটো কি আন্দোলন ” বুলি বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যৰ বিৰোদ্ধে জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদীবাদী যুৱছাত্ৰ পৰিষদৰ কাজিৰঙাৰ আঞ্চলিক সমিতি ৷ ৰঞ্জিত দাসৰ  এই মন্তব্য ৮৬০ গৰাকী শ্বহীদৰ প্ৰতি অপমান বুলি অভিহিত কৰি ভবিষ্যতে এনে মন্তব্য নকৰিবলৈ সকিয়াই দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি জনক ৷ আজি কাজিৰঙাত ৰঞ্জিত দাসৰ মন্তব্যৰ বিৰোদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰঞ্জিত দাসৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰী সকলে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত মহকুমাৰ সম্পাদক অন্তত গগৈৰ লগতে  কাজিৰঙা আঞ্চলিক সমিতিৰ  কেইবাজনো বিষয়-ববীয়া উক্ত কাৰ্যসূচীত উপস্থিত থাকি  কাজিৰঙাৰ আকাশ-বতাহ উত্তাল কৰি তোলে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত মহকুমাৰ সম্পাদক অনন্ত গগৈয়ে কয় কয় যে, বিজেপিৰ সভাপতি ৰঞ্জিত দাসক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। তেখেতে যি ৮৬০ জন শ্বহীদক চূড়ান্তভাৱে অপমান কৰিছে সেই অপমান আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কোনো কাৰণতে সহ্য নকৰো । ৰঞ্জিত দাসে বিজেপিৰ মজিয়াত বহি বিজেপিৰ কথা কওক ৷ ৰঞ্জিত দাস বিজেপিৰ সভাপতি হে তেওঁ অসমৰ কোনো দল-সংগঠনৰ সভাপতি নহয় যি মন যায় তাকেই কবলৈ ৷ ভৱিষ্যতে যাতে কোনো কাৰণতে শ্বহীদক লৈ অপমান নকৰে সেই কথাও সকিয়াই দি অন্তত গগৈয়ে কয় যে, অন্যথা অনাগত দিনত ইয়াতকৈ ভয়াবহ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য বুলি বিজেপি নেতৃত্বাধীন চৰকাৰখনক সকিয়াই দিয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *