২০১৯ বৰ্ষত কাজিৰঙাত তিনিটা গঁড় নিধন চোৰাং চিকাৰীৰ গুলীত

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩ জানুৱাৰী: ২০১৫ চনৰে পৰা কাজিৰঙাত গঁড় নিধনৰ হাৰ হ্ৰাস হৈছে বুলি মত প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব অসম বন সংমণ্ডল প্ৰাধিকাৰী ৰমেশ গগৈয়ে জানিবলৈ দিয়া মতে, পূৰ্বৰ তুলনাত ২০১৭ আৰু ১৮ চনত ছটাকৈ গঁড় নিধন হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০১৯ চনত তিনিটা গঁড় নিধন কৰে চোৰাং চিকাৰীয়ে ৷ ইয়াৰে দুটা পূৱ অসম বনসংমণ্ডল এলেকাত আৰু আন এটা বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডলৰ অধীনত নিধন কৰে চোৰাং চিকাৰীয়ে ৷ উল্লেখ যে, বিগত বৰ্ষৰ ৩১ মাৰ্চত কহঁৰা বনাঞ্চলৰ দুসুতি বনশিবিৰ এলেকাত এটা, ১৬ ফেব্ৰুৱাৰীত অগৰাতলি বনাঞ্চলৰ শুকানী বনশিবিৰ এলেকাত এটা আৰু বিগত বৰ্ষৰ এপ্ৰিল মাহত বিশ্বনাথ বন সংমণ্ডলৰ অধীনৰ লখৰা চাপৰিত চোৰাং চিকাৰীত হাতত নিধন হৈছিল এটা গঁড়। ইতিমধ্যে, বনবিভাগে উক্ত গঁড় হত্যাৰ লগত জড়িত ২৯ টাৰো অধিক চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছে ৷ আনহাতে ২০২০ চনত যাতে চোৰাং চিকাৰী হাতত এটাও গঁড় নিধন নহয় তাৰ আশা প্ৰকাশ কৰাৰ লগতে যাৱতীয় ব্যৱস্থা লবলৈ বনবিভাগক আহ্বান কাজিৰঙাৰ স্থানীয় দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *