বছৰৰ প্ৰথমটো দিনত উদুলি-মুদুলি কাজিৰঙা

বনভোজস্থলীৰ পৰাই চৰকাৰক সকীয়নি-“কা” বাতিল কৰক

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১ জানুৱাৰী: ডিচেম্বৰ মাহত প্ৰায় উকা হৈ থকা কাজিৰঙাৰ কহঁৰাৰ বনভোজ থলিত বছৰৰ প্ৰথম দিনটোত দেখিবলৈ পোৱা গ’ল বনভোজ দলৰ আনন্দ উছাহ ৷পূৰ্বৰ নৱ বৰ্ষৰ প্ৰথম দিনটোৰ দৰে কাজিৰঙাৰ বনভোজ থলিত বনভোজৰ দলৰ ভিৰ নহ’লেও সিমিত সংখ্যক বনভোজৰ দলে ২০২০ চন প্ৰথম দিনটোৰ পৰিবেশ কিছু উখল মাখল কৰি তুলিলে ৷নাচিবাগি লগে ভাগে এসাজ খাই নতুন বছৰক আদৰিলে বনভোজকাৰী দল সমূহে ৷আনহাতে আনন্দৰ মাজতে বনভোজ থলিৰ পৰাই একাংশই প্ৰতিবাদ সাব্যস্ত কৰিলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোদ্ধে ৷বনভোজস্থলীত জয় আই অসম,আমি কা নামানো শ্লগান বনভোজকাৰীসকলৰ ৷আনহাতে বনভোজস্থলীৰ পৰাই চৰকাৰক সকীয়নি সংশোধিত নাগৰিকত্ব আইন বাতিল কৰক ৷ আনহাতে একাংশই কয় যে সাম্প্ৰতিক পৰিস্থিতিত যদিওবা বনভোজ খোৱাৰ উদ্দেশ্য লৈ কাজিৰঙালৈ আহিছে তথাপিতো আনন্দ কৰিব খুজিও আনন্দ কৰিব পৰা নাই ৷ কোনো কাৰণতে সংশোধিত নাগৰিকত্ব আইন মানি লোৱা নহব বুলি হুংকাৰ দিয়াৰ লগতে কয় যে বৰ্তমান সময়ত “বনভোজো চলিব,প্ৰতিবাদো চলিব” ৷

Leave a Reply

Your email address will not be published. Required fields are marked *