হিল ট্ৰেকিঙৰ বাবে সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১ জানুৱাৰী: বিগত বৰ্ষত ‘কা’ বিৰোধী আন্দোলনৰ প্ৰভাৱ অসমৰ পৰ্যটন ক্ষেত্ৰত ৷ সমান্তৰালকৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাতো পৰিছে ইয়াৰ প্ৰভাৱ৷ ফলত সীমিত হৈ পৰিল কাজিৰঙালৈ আগমন ঘটা পৰ্যটকৰ ৷ এনে সময়তে অনাগত দিনত কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰক অধিক আকৰ্ষণীয় ৰূপত গঢ় দিয়াৰ বাবে প্ৰয়াস কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ বুঢ়াপাহাৰ বনাঞ্চলত চলিছে ক্ষিপ্ৰ গতিত পৰ্যটনৰ প্ৰস্তুতি ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ গাতে লাগি থকা কুকুৰাকটা সংৰক্ষিত বনাঞ্চলৰ পানীজুৰিৰ পৰা বানেশ্বৰলৈকে প্ৰায় পাঁচ কিলোমিটাৰ পথ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সাজু কৰিছে পৰ্যটকৰ হিল ট্ৰেকিঙৰ বাবে ৷ কুকুৰাকটা বনাঞ্চলৰ এই এলেকাটো হৰিণৰ লগতে নানান প্ৰজাতিৰ পক্ষীৰ বিচৰণ ভূমি ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ সংলগ্ন কুকুৰাকটাত বিচৰণ কৰা হৰিণৰ বাবে পানীৰ অভাৱ থকাৰ বাবে পানী খাবলৈ গ্ৰামাঞ্চলত প্ৰবেশ কৰে হৰিণা ৷ গতিকে এই সমস্যাৰো সমাধানৰ বাবে উদ্যান কৰ্তৃৃপক্ষই পানী সংৰক্ষণৰ ব্যৱস্থা কৰি বন্যপ্ৰাণীৰ পানীৰ অভাৱ দূৰ কৰাৰ লগতে এলেকাটো পৰ্যটকৰ বাবে আকৰ্ষণীয় কৰাৰ কাম আৰম্ভ কৰিছে ৷ শীঘ্ৰেই পৰ্যটকৰ বাবে মুকলি হ’ব কুকুৰাকটাৰ হিল ট্ৰেকিং ৷

Leave a Reply

Your email address will not be published. Required fields are marked *