বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দাঁতিত “কা”ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ৷

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩০ ডিচেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি প্ৰায় সহস্ৰাধিক ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি কঁপাই তুলিলে বোকাখাতৰ আকাশ-বতাহ ৷ সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত আৰু গোলাঘাট জিলা সমিতিৰ উদ্যোগত বোকাখাত মহকুমা সমিতি, বিভিন্ন দল-সংগঠন আৰু বোকাখাতবাসী ৰাইজ সহযোগত নাগৰিকত্ব সংশোধনী আইন আৰু জনজাতি কৰণৰ দাবীত বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত “গণ অৱস্থান” নামৰ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা উক্ত প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন দল-সংগঠন, স্থানীয় ৰাইজ, অনুষ্ঠান প্ৰতিষ্ঠান তথা জাতিধৰ্ম নিৰ্বিশেষে সমবেত হৈ “কা” বাতিলৰ দাবীত বিজেপি চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, মৃণাল শইকীয়া মুৰ্দাবাদ, আমি কা নামানো, নৰেন্দ্ৰ মুডি মুৰ্দাবাদ, সৰ্বানন্দ জাতিদ্ৰোহী, অগপ লেইলেই ছেইছেই আদি বিভিন্ন ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে বোকাখাতৰ আকাশ-বতাহ ৷ উক্ত গণ অৱস্থান কাৰ্যসূচীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বোকাখাত মহকুমাৰ সভাপতি চিন্ময় ৰাজফুকনে কয় যে, অসমীয়াই ভাষা,সংস্কৃতি, অস্তিত্ব ৰক্ষাৰ কাৰণে জনসাধাৰণৰ স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে।আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে, জাতি-মাটি, ভেটিৰ কথা কৈ শাসনলৈ আহি গাদী দখল কৰি জাতিধ্বংসী যি “কা” অসমীয়াৰ ওপৰত জাঁপি দিছে সেইয়া আমি সদৌ অসম টাই আহোম ছাত্ৰ সন্থাই কোনোপধ্যেই মানি নলওঁ। শাসনাধিষ্ঠি চৰকাৰে যিমানেই নকওক কিয় “কা” অসমীয়াৰ কাৰণে ভাল খবৰ বুলি সেইয়া আমি আমি কেতিয়াও মানি নলওঁ ৷ লগতে কয় যে, চৰকাৰে যেতিয়ালৈকে “কা” বাতিল নকৰে তেতিয়ালৈকে এই সংগ্ৰাম অব্যাহত থাকিব বুলি সকিয়াই দিয়ে চৰকাৰক। বৰ্তমানৰ চৰকাৰখনে কেৱল টুপী পিন্ধাবহে জানে টুপি পিন্ধোৱাৰ বাহিৰে অন্য একো নাজানে বুলি উল্লেখ কৰি চৰকাৰৰ প্ৰলোভনত পতিয়ন নাযায় সকলো অসমবাসীৰ লগতে দল-সংগঠন সমূহক একগোট হৈ প্ৰতিবাদ চলায় যাবলৈ আহ্বান জনায় সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বোকাখাত মহকুমাৰ সভাপতি চিন্ময় ৰাজফুকনে। যি ধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনগণে বিভিন্ন ধৰণে প্ৰতিবাদ অব্যাহত ৰাখিছে সেই সৰ্বসাধাৰণ ৰাইজৰ সেই সংগ্ৰামী প্ৰতিবাদক চৰকাৰে বিভিন্ন ধৰণৰ ভয়-ভাবুকিৰে মষিমূৰ কৰিব বিচাৰিছে বুলি উল্লেখ কৰি ৮৫৫ জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত সম্পাদিত অসম চুক্তিক অৱমাননা কৰি অসমৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে হিন্দু বাংলাদেশীৰ বোজা জাপি দিবলৈ চেষ্টা কৰাৰ লগতে অসমীয়া জাতিৰ ভাষা-সংস্কৃতি ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ কৰিছে সেয়া কোনো পধ্যেই মানি লোৱা নহ’ব বুলি পুনৰ চৰকাৰক সকিয়াই দিয়ে। ইপিনে, উক্ত প্ৰতিবাদী সভাতেই নেগেৰা বজায় প্ৰতিবাদী গীত গায় খোল, তাল বজাই “কা” বাতিলৰ দাবীত এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে ৷ মুঠৰ ওপৰত অসমীয়াই কেতিয়াও “কা” মানি নলয় ৷ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ আহ্বানত বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অনুষ্ঠিত হোৱা উক্ত গণ অৱস্থান কাৰ্যসূচীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বিজয় ফুকন, জুমন কুৱৰ, ভূপেন গগৈ, উৎপল গগৈ, প্ৰাঞ্জল গগৈকে আদি কৰি কেইবাজনো বিষয়ববীয়াৰ লগতে বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজ সকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *