অসমত শক্তিশালী আই টি চেল গঠনৰ প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ

নতুন ৰাজনৈতিক গঠন হলেও কংগ্ৰেছ শংকিত নহয়-ৰিপুণ বৰা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩০ ডিচেম্বৰ :
অসমৰ জনসাধাৰণক ভয় খোৱাবৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আই টি চেল গঠন কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে চছিয়েল মেডিয়াৰ ওপৰত চকু ৰাখিবলৈ গঠন কৰা আই টি চেলৰ ওপৰত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ৷ সাংসদ গগৈয়ে বিধায়ক মৃনাল শইকীয়াই ৰাজহুৱা ভাৱে উচতনি মূলক মন্তব্য কৰাৰ পাছতো চৰকাৰে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰি মন্তব্য কৰে যে সাধাৰণ লোককহে চৰকাৰে দমন নীতি চলাইছে ৷ ইফালে নতুন ৰাজনৈতিক দল গঠন হ’লেও কংগ্ৰেছ কেতিয়াও শংকিত নহয় ৷ অসমত নতুন ৰাজনৈতিক দল গঠনৰ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাজিৰঙাত ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ মন্তব্য গণতান্ত্ৰিক দেশত সকলোৰে ৰাজনৈতিক দল খোলাৰ অধিকাৰ আছে ৷ কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলেহে সফলতা লাভ কৰে ৷ যিহেতু কংগ্ৰেছ ১৩৪ বছৰীয়া পুৰণি দল ৷ গতিকে কংগ্ৰেছ দলে নিজৰ আদৰ্শত আগবাঢ়ি যাব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *