কাজিৰঙাৰ কাষৰীয় গাওঁৰক্ষী সংগঠনলৈ আৰণ্যকৰ সৌজন্যত টৰ্চ লাইট বিতৰণ

নিউজ ডেস্ক,কাজিৰঙা লাইভ, ২৯ ডিচেম্বৰ :
ৰাজ্যৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ সৌজন্যত জাৰ্মানীৰ আটিলা হিল্ডমেন নামৰ ব্যক্তিজনৰ বিশেষ সহযোগত আজি কাজিৰঙাৰ কাষৰীয় গাওঁ সমুহৰ গাওঁৰক্ষী সংগঠনৰ সদস্য সকললৈ বিনামূল্যে টৰ্চ লাইট বিতৰণ কৰা হয় ৷ এই উপলক্ষে আজি বোকাখাত আৰক্ষী থানাৰ চৌহদত গাওঁৰক্ষী সংগঠনৰ বিশেষ সহযোগত এক বিশেষ সভা অনুষ্ঠিত হয় ৷ গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত আৰণ্যকৰ জেষ্ঠ সমন্বয়ক মানস কুমাৰ ভট্টচাৰ্যই আৰণ্যকৰ বিভিন্ন কাৰ্যসুচীৰ লগতে কাজিৰঙাৰ কাষৰীয় গাওঁৰ গাওঁৰক্ষী গোট সমুহৰ দক্ষতা বৃদ্ধিৰ বাবে টৰ্চ লাইটৰ যোগান ধৰাৰ বিষয়ে সবিশেষ বাখ্যা কৰে ৷ অনুষ্ঠানত বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম , মহকুমা আৰক্ষী বিষয়া ডা৹ কল্যান দাস, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্ত , বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা , মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্য , গাওঁৰক্ষী সংগঠনৰ থানা সমিতিৰ সভাপতি মৃদুল বৰা আৰু কাৰ্যবাহী বিষয়া আৰিফ আহমেদ আৰু সমাজ কৰ্মী প্ৰহ্লাদ দাস উপস্থিত থাকে ৷ ভাষণ প্ৰসংগত মহকুমাধিপতি বিবেক শ্যামে কাজিৰঙাত গঁড় হত্যা হ্ৰাস পোৱাৰ উদ্ধৃতিৰে ইয়াৰ বাবে গাওঁৰক্ষী বাহিনীৰ বিশেষ অৰিহণা থকা বুলি মন্চব্য কৰে ৷ অনুষ্ঠানত কাজিৰঙাৰ কাষৰীয় মুঠ ৮০ খন গাওঁৰক্ষী বাহিনীক তিনিটাকৈ টৰ্চ লাইট প্ৰদান কৰা হয় ৷ আৰণ্যকৰ এই সাহাৰ্যৰ বাবে মহকুমা আৰক্ষী বিষয়া ডা৹ কল্যান দাসে গাওঁৰক্ষীৰ হৈ ধন্যবাদ জ্ঞাপন কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *