কাজিৰঙাত ন’ পাৰ্কিং জ’ন ঘোষণা, অভিযান প্ৰশাসন-বনবিভাগৰ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৮ ডিচেম্বৰ: ৰাষ্ট্ৰীয় সেউজ প্ৰাৰ্ধিকৰণে ন’ পাৰ্কিং জ’ন ঘোষণা কৰিছে কাজিৰঙাত। বন্যজন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাত ন’ পাৰ্কিং জ’ন ঘোষণা কৰিছে ৰাষ্ট্ৰীয় সেউজ প্ৰাৰ্ধিকৰণে ৷ সেই অনুসৰি গোলাঘাট জিলাৰ বোকাখাতৰ বৰজুৰিৰ পৰা কাজিৰঙাৰ বাগৰি লৈকে অৱস্থিত লাইন হোটেল, ধাবা, ৰেষ্টোৰা সমূহত ৰাখিব নোৱাৰিব কোনো ধৰণৰ যানবাহন ৷ ৰাষ্ট্ৰীয় সেউজ প্ৰাৰ্ধিকৰণৰ নিৰ্দেশৰ পাছতে এতিয়া সষ্টম হৈ পৰিছে গোলাঘাট জিলা প্ৰশাসন ৷ শনিবাৰে গোলাঘাট জিলাৰ প্ৰশাসনৰ এটা দল, গোলাঘাট জিলাৰ পৰিবেশন বিভাগ, আৰক্ষী আৰু বনবিভাগৰ এটা দলে কাজিৰঙাৰ ৰাজপথৰ দাঁতিত অৱস্থিত লাইন হোটেল, ধাবা, ৰেষ্টোৰা সমূহত অভিযান চলায়। উল্লেখ্য যে, কাজিৰঙাৰ ৰাজপথৰ দাঁতিত এনেদৰেই ৰখাই থোৱা হয় বৃহৎ-বৃহৎ ট্ৰাক সমূহ ৷ অভিযানকাৰী দলটোৱে লাইন হোটেল, ধাবা, ৰেষ্টোৰা সমূহত অভিযান চলাই ট্ৰাক সমূহ লগে-লগে উলিয়াই পঠিয়াই ৷ লগতে ধাবাৰ গৰাকীক এই বুলি সতৰ্ক কৰি দিয়ে যে, পৰৱৰ্তী সময়ত ইয়াত এনেদৰে যানবাহন ৰাখিলে আইনৰ ৰোষত পৰিব। ইপিনে, অভিযান চলোৱাৰ পাছতেই লাইন হোটেল, ধাবা, ৰেষ্টোৰা সমূহৰ সন্মুখভাগ খালি হৈ পৰে। আইনৰ ৰোষত পৰাৰ ভয়ত কাজিৰঙাৰ এনে অঞ্চলৰ পৰি পলায়ন কৰে ট্ৰাক সমূহ ৷ ইপিনে, প্ৰশাসনৰ এই নিৰ্দেশৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে লাইন হোটেল, ধাবা, ৰেষ্টোৰা সমূহৰ সৈতে জড়িত ব্যৱসায়ী সকলৰ মাজত। উল্লেখ্য যে, এখন লাইন হোটেলৰ লগত বহু কেইজন শিক্ষিত নিবনুৱা জড়িত হৈ থাকে। লাইন হোটেল খনৰ সৈতে জড়িত হৈ থাকে পান-তামোলৰ দোকান আৰু ট্ৰায়াৰ দোকানকে আদিকে ধৰি বিভিন্ন দোকান-পোহাৰ ৷ এতিয়া সেই লাইন হোটেল, ধাবা, ৰেষ্টোৰা সমূহত পাৰ্কিং নিষিদ্ধ কৰি দিয়াৰ পাছত এই সকল নিবনুৱাৰ জীৱনলৈ গভীৰ অনিচ্ছয়তা আহি পৰিছে। চৰকাৰৰ এনে সিদ্ধান্তৰ ফলত স্থানীয় ব্যৱসায়ী সকলে পেটত গামোছা মাৰিব লগীয়া হ’ব বুলি উল্লেখ কৰি এই ক্ষেত্ৰত ব্যৱস্থা লবলৈ চৰকাৰক অনুৰোধ জনাইছে কাজিৰঙাৰ ব্যৱসায়ী সকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *