মায়ানগৰী মুম্বাইত জ্বিলিকিল অসমৰ সংস্কৃতি

বিহুমঞ্চৰ পৰা বিহুৱাৰ হুংকাৰ – আমি কা নামানো

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৭ ডিচেম্বৰ: মায়ানগৰী মুম্বাইত জ্বিলিকিল অসমৰ সংস্কৃতি ৷ মোম্বাইৰ তাজ হোটেলত বিহু প্ৰদৰ্শন কাজিৰঙাৰ বিহু দলৰ ৷ কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকৰ আগত বিহু শুদ্ধ আৰু আকৰ্ষণীয় ৰূপত উপস্থাপন কৰাৰ বাবে ঢোলৰ ওজা সোমনাথ বৰাই গঠন কৰা কাজিৰঙাৰ বিহুদলে হোটেল তাজ পেলেচত বিহু প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰিছে ৷ কাজিৰঙাত বিহু কৰ্মশালা অনুষ্ঠিত কৰি নিৰ্বাচিত যুৱক যুৱতীক লৈ গঠন কৰা বিহু দলটোৱে কাজিৰঙাত পৰ্যটকৰ আগত প্ৰদৰ্শন কৰা বিহুৱে দেশী বিদেশী পৰ্যটকক আকৰ্ষিত কৰিবলৈ সক্ষম হোৱাৰ লগতে বিহুক দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰসাৰিত কৰাৰ কৰাৰ বাবে সুন্দৰ প্ৰদক্ষেপ গ্ৰহন কৰি আহিছে ৷ শেহতীয়াকৈ মোম্বাইৰ তাজ হোটেলত প্ৰকৃতি প্ৰেমী স্বেচ্ছাসেৱী সংস্থা কৰবেট ফাউণ্ডেচনৰৰ উদ্যোগত বি এম চি চি ৰ শতবৰ্ষ অনুষ্ঠানত বিহু প্ৰদৰ্শন কৰি অসমৰ বাবে গৌৰৱ কঢিয়াই আনিছে ৷ অনুষ্ঠান প্ৰদৰ্শনৰ পাছত উপস্থিত থকা বিদেশী অতিথিয়েও মঞ্চত উঠি বিহু নৃত্যত অংশ লয় ৷ উল্লেখ্য যে কাজিৰঙাৰ শিল্পী তথা দি কৰবেট ফাউণ্ডেচনৰ সদস্য দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বত যোৱা দলটোত আছে ডিব্ৰুগড়ৰ নিবেদিতা বৰা, লতাশিল বিহুকুৱৰী ২০১৯, দুলীয়াজানৰ মৌচুমী সোনোৱাল টায়ে, লতাশিল বিহুৰাণী ২০১৮, ধেমাজিৰ পল্লৱী বৰা, কমাৰগাওঁৰ পলাশ গগৈ, গৌৰী বৰবৰা, বোকাখাতৰ প্ৰিয়ংকা বৰা, নগাওঁৰ পবিত্ৰ প্ৰাণ শইকীয়া,কাজিৰঙাৰ অপুৰ্ব শইকীয়া,বৰ্নালী ডেকা,মনোজ প্ৰতিম শইকীয়া, ঢকুৱাখানাৰ ভৈৰৱজ্যোতি দত্ত ৷ উল্লেখ্য যে যিসময়ত অসমৰ যুৱক-যুৱতীয়ে বিভিন্ন ধৰণেৰে অসমৰ ভাষা, কলা-সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে সেই সময়তে চৰকাৰে অসমৰ মানুহৰ মতৰ বিপক্ষে জাপি দিব উলাইছে সংশোধিত নাগৰিকত্ব আইন চমুকৈ C(A)A ৷ অসমীয়াৰ বাপতি সাহোন বিহুৰ পবিত্ৰ মঞ্চৰ পৰাই চৰকাৰক আইনখন বাতিলৰ দাৱী জনাইছে বিহুৱাই ৷ পোন প্ৰথমবাৰৰ বাবে অসমৰ ভিন্ন প্ৰান্তৰ ন পুৰণি শিল্পী একত্ৰিত কৰি মুম্বাইৰ তাজ পেলেচত বিহু প্ৰদৰ্শনৰে সমাদৰ লাভ কৰি দলটোৰ দলপতি দিব্যজ্যোতি শইকীয়াই কয় যে- অসম তথা ভাৰতৰ প্ৰতিখন ৰাজ্যতে বিৰোধিতা কৰা সংশোধিত নাগৰিকত্ব আইন কোনো কাৰণতে মানি লোৱা নহব ৷ ৰাইজেই বনাই দিয়ে এখন চৰকাৰ,ৰাইজেই সাংসদ নিৰ্বাচন কৰে আৰু সেই সাংসদেই সংসদত আইন গৃহিত কৰে ৷ গতিকে ৰাইজে নিবিচৰা আইনখন বাতিল কৰিবলৈ আহ্বান জনাইছে শইকীয়াই ৷ আনহাতে শইকীয়াই কয় যে অসমীয়া সংস্কৃতি পৰিবৰ্ত্তন আৰু পৰিবৰ্দ্ধনৰ ৰূপত জীয়াই আছে। আধুনিকতাৰ স্পৰ্শই অসমীয়া সংস্কৃতি নেতিবাচক আৰু ইতিবাচক দুয়োটা ৰূপেই গ্ৰহণ কৰিছে। যুগৰ লগে লগে মানব সভ্যতা উন্নতিৰ দিশত আগুৱাবলৈ কেৱল পৰম্পৰাক যে খামুচি ধৰি থাকিব লাগিব এইটো সঁচা নহয়; পৰিবৰ্ত্তনৰ প্ৰয়োজন আছে। কিন্তু, পৰিবৰ্ত্তন কেতিয়াও নিজৰ অস্তিত্ব ধ্বংসমুখী হ’ব নালাগে। আধুনিকতাই অসমীয়া সংস্কৃতিৰ যি পৰিৱৰ্তন আনিছে এটা সময়ত অসমবাসীয়ে নিজৰ সংস্কৃতি বিচাৰি বিচাৰি হাবাথুৰি খাব লাগিব সেয়া ধুৰূপ। সেয়ে আজিৰ অসমবাসীয়ে নিজৰ স্বকীয় মৌলিক উপাদানসমূহ সংৰক্ষিত কৰি নিজৰ জাতীয় অস্তিত্ব ৰক্ষা কৰাৰ সময় সমাগত। পৰম্পৰাৰ স’তে আধুনিক এই দুয়োটাৰ সু-সমন্বয় কৰিব পাৰিলে অসমীয়া সংস্কৃতিৰ ইতিহাস সমৃদ্ধ হ’ব।আনহাত অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে বিহু দলটোক শুভেচ্ছা জনাইছে ঢোলৰ ওজা সোমনাথ বৰাই ৷ তেও কয় যে সংস্কিতি কোনো এটা নিৰ্দিষ্ট জাতি বা জনগোষ্ঠীৰ একচেতিয়া সম্পতি নহয়। ই মানৱসৃষ্ট; আৰু মানুহৰ মাজত পৰিবৰ্তিত তথা পৰিবৰ্দ্ধিত ৰূপত জীয়াই থাকে। পৃথিৱীৰ প্ৰত্যেকটো জাতি বা জনগোষ্ঠীৰ নিজ নিজ সংস্কৃতি আছে। বিভিন্ন জাতি, জনগোষ্ঠীৰ সংস্কৃতিৰ সমলৰ সমাহৰণত অসমীয়া সংস্কৃতি গঁঠিত হৈছে। সেয়ে ক’ব পাৰি যে বিশাল ভাৰতীয় সংস্কৃতিৰ দৰে অসমীয়া সংস্কৃতিও এক সমন্বয় বা মিলনৰ বস্তু।অসমীয়া সংস্কৃতি বুলিলে অসমীয়া জীৱন নিৰ্বাহ প্ৰণালীৰ সমগ্ৰতাক সাঙুৰি লয়। সামাজিক জীৱ হিচাপে মানুহে কিছুমান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, বিশ্বাস- অবিশ্বাস, ধৰ্ম-অধৰ্ম, উৎসৱ-অনুষ্ঠান আদিৰ মাজেৰে জীৱন নিৰ্বাহ কৰে আৰু এই জীৱন নিৰ্বাহ প্ৰণালীৰ সামগ্ৰিক যৌগিক ৰূপটোৱেই হ’ল সংস্কৃতি। এই সংস্কৃতিৰ মান ৰাখিব লাগিব প্ৰতিজন অসমীয়াই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *