বোকাখাতত আৰক্ষীৰ বিশেষ অভিযান, পিক আপ ভানেৰে সৈতে বৃহৎ পৰিমানৰ চোৰাং কাঠ জব্দ

বোকাখাতৰ পৰা ৰত্নেশ্বৰ মৰাং, কাজিৰঙা লাইভ, ২৫ ডিচেম্বৰঃ বোকাখাতত চোৰাং কাঠৰ স’তে জব্দ দুখন পিক্ আপ ভান ৷ আজি পুৱা বোকাখাতৰ মণ্ডল গাওঁৰ এটা বাসগৃহৰ পৰা চোৰাং কাঠৰ সৈতে বোকাখাত আৰক্ষীয়ে জব্দ কৰে পিক আপ ভান দুখন ৷ এক গোপন সূত্ৰৰ ভিত্তিত বোকাখাতৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তৰ নেতৃত্ব যোৱা এক অভিযানকাৰী দলে বোকাখাতৰ মণ্ডল গাওঁৰ ৰিঙ্কু দত্ত নামৰ লোকজনৰ বাসগৃহৰ পৰা বৃহৎ পৰিমানৰ চোৰাং ফলা কাঠ জব্দ কৰে ৷ চোৰাং কাঠৰ লগতে কাঠ বোজাই থকা AS 03BC-5888 আৰু AS 03BC- 8737 নম্বৰৰ দুখন পিক্ আপ ভানো জব্দ কৰে অভিযানকাৰী দলে ৷ বৃহৎ পৰিমানৰ এই কাঠসমূহ নিশাৰ ভাগত কাৰ্বি আংলং জিলাৰ বনাঞ্চলৰ পৰা ৰিঙ্কু দত্তৰ বাসগৃহলৈ অনা হৈছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰে ৷ গাড়ীত মজুত থকা কাঠৰ উপৰিও অভিযানকাৰী দলে ৰিঙ্কু দত্তৰ বাসগৃহৰ চৌহদৰ পৰা পূৰ্বৰে পৰা মজুত কৰি থোৱা বৃহৎ পৰিমাণৰ অবৈধ কাঠ জব্দ কৰে ৷ পৰৱৰ্তী সময়ত গাড়ী সৈতে জব্দ কৰা অবৈধ কাঠ সমূহ পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত বোকাখাত বনাঞ্চলিক বিষয়াৰ হাতত অৰ্পণ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *