কাজিৰঙা নাৰ্ছাৰীত গঁড়ৰ বিচৰণ। বনবিভাগৰ উদাসীনতা

নিউজ ডেস্ক, কাজিৰঙা, ২৩ ডিচেম্বৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা গঁড়ৰ জনাঞ্চলত নিয়মীয়া বিচৰণক লৈ স্থানীয় ৰাইজ শংকিত হৈ থকাৰ লগতে গঁড়টোৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে ৷ আনহাতে, মুকলিলৈ ওলাই অহা গঁড়টোৰ বিচৰণ সন্দৰ্ভত গঁড়টোৰ নিৰাপত্তাৰ দিশটোক গুৰুত্ব দিয়াৰ বিপৰীতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদাসীনতা প্ৰকাশ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, বিগত ৩/৪ দিন ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ দাঁতি কাষৰীয়া গেলেকীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা কাজিৰঙা নাৰ্ছাৰীৰ সমীপত গঁড়টোৱে নিশাৰ ভাগত বিচৰণ কৰি আছে ৷ তদুপৰি, গঁড়টোৱে নাৰ্ছাৰীৰ জেওৰা ভাঙি নাৰ্ছাৰীৰ ভিতৰত সোমাই খেতি-খোলাৰো অনিষ্ট সাধন কৰিছে ৷ গঁড়টোৰ নিয়মীয়া বিচৰণৰ বাবে স্থানীয় জনগণৰ ক্ষতি সাধন হোৱাৰ আশংকা কৰাৰ লগতে মুকলিলৈ ওলাই অহা গঁড়টোৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে ৷ বিগত এদিন পূৰ্বে গঁড়টোৰ বিচৰণ সন্দৰ্ভত নাৰ্ছাৰীৰ লোকে স্থানীয় আৰক্ষীৰ যোগেদি কাজিৰঙা বনবিভাগক খৱৰ দিয়াত বনবিভাগৰ উৰ্ধতন কৰ্তৃপক্ষ উক্ত নিশাই কাজিৰঙা নাৰ্ছাৰীত উপস্থিত হৈ গঁড়টোৰ বিচৰণথলী পৰিদৰ্শন কৰে ৷ পিছে পৰিদৰ্শন কৰি বনবিভাগৰ উৰ্ধতন বিষয়াই এয়া এক সৰু খৱৰ বুলি উদাসীনতা প্ৰকাশ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ শীতৰ কালত ঘন কুঁৱলীৰ আচ্ছাদনৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে মুকলিকৈ গঁড়টো বিচৰণ কৰাৰ বাবে গঁড়টোৰ নিৰাপত্তাৰ দিশতো আহি পৰিছে কেতবোৰ কথা ৷ তেনে অৱস্থাত গঁড়টোৰ নিৰাপত্তাক লৈ গুৰুত্ব দিয়াৰ বিপৰীতে বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষৰ এনে উদাসীনতাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *