“কাজিৰঙা উৎসৱ ২০২০” সাময়িকভাৱে স্থগিত।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৩ ডিচেম্বৰ: অহা ৫,৬ আৰু ৭ জানুৱাৰীত কাজিৰঙাত অনুষ্ঠিত হ’বলগীয়া “কাজিৰঙা উৎসৱ ২০২০ সাময়িকভাৱে স্থগিত ৷ বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, স্থানীয় ৰাইজ ,কৃষি আৰু উদ্যান শস্য বিভাগৰ সহযোগত অনুষ্ঠিত হ’ব লগিয়া কাজিৰঙা উৎসৱৰ পৰবৰ্তী দিন দুই এদিনতে ধাৰ্য্য কৰা হব বুলি জানিবলৈ দিয়ে মহকুমা প্ৰশাসনে ৷ উল্লেখ যে, সাম্প্ৰতিক ৰাজ্যৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সাময়িক ভাৱে স্থগিত ৰখা হৈছে “কাজিৰঙা উৎসৱ ২০২০”ৰ কাৰ্য্যসূচী।

Leave a Reply

Your email address will not be published. Required fields are marked *