কলিয়াবৰত জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু মেধাৱী ছাত্ৰীৰ

কাজিৰঙা লাইভ, কলিয়াবৰ, ২২ ডিচেম্বৰ: ৰাজ্যত পুনৰ জাপানী এনকেফেলাইটিছৰ সংহাৰ। কলিয়াবৰত জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু ঘটিল এগৰাকী ১১ বছৰীয়া মেধাৱী ছাত্ৰীৰ। জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ কৰুণ মৃত্যু সাৱতি লোৱা ছাত্ৰী গৰাকীৰ নাম মৌচুমী বৰা। ছাত্ৰী গৰাকীৰ মৃত্যুৰ পিছতে এতিয়া অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ আতংকৰ। কলিয়াবৰ শংকৰদেৱ শিশু নিকেতনৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী আছিল মৌচুমী বৰা। প্ৰায় এসপ্তাহ ধৰি গুৱাহাটীত চিকিৎসাধীন হৈ থকাৰ পিছত শনিবাৰে নিশা মৃত্যু হয় ছাত্ৰীগৰাকীৰ। কলিয়াবৰ তিনিআলিৰ দুলাল বৰাৰ কন্যা মৌচুমী বৰাৰ মৃতদেহ দেওবাৰে বাসগৃহলৈ অনাৰ পিছতে সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। শংকৰদেৱ শিশু নিকেতনৰ পাছফালে গেলি-পচি পৰি থকা এটা গাহৰিৰ মৃতদেহৰ পৰা বীজাণু বিয়পাৰ ফলতে ছাত্ৰী গৰাকী আক্ৰান্ত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। আনহাতে, অঞ্চলটোত বনৰীয়া গাহৰিৰ অবাধ বিচৰণৰ সন্দৰ্ভত বন বিভাগৰ লগতে স্থানীয় প্ৰশাসনক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰি অহা হৈছে যদিও বন বিভাগৰ লগতে প্ৰশাসনৰ তৰফৰ পৰা কোনো ব্যৱস্থা নোলোৱাৰো অভিযোগ স্থানীয় ৰাইজৰ। এতিয়া অঞ্চলটোত জাপানী এনকেফেলাইটিছৰ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগক তৎকালীন ব্যৱস্থা লোৱাৰ দাবী জনাইছে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *