বোকাখাতত সাঁচি কাঠ সহ উইংগাৰ জব্দ

কাজিৰঙা লাইভ, বোকাখাত, ২১ ডিচেম্বৰ: নিয়মীয়া তালাচীৰে বোকাখাত আৰক্ষীয়ে শনিবাৰে বিয়লি বোকাখাতৰ লতাবাৰীত সাঁচি কাঠেৰে সৈতে এখন যাত্ৰীবাহী উইংগাৰ গাড়ী জব্দ কৰে ৷ আৰক্ষীয়ে গাড়ীখনৰ পৰা পাঁচ কাৰ্টুন সাঁচি কাঠ উদ্ধাৰ কৰে ৷ বোকাখাতৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা অভিযানকাৰীৰ দলে লতাবাৰীত দেৰগাওঁৰ পৰা নগাওঁলৈ বুলি গৈ থকা ছামিয়া নামৰ এ এছ ১২ বি চি – ১৮১২ নম্বৰৰ উইিংগাৰ গাড়ীখন আটক কৰে ৷ গাড়ীখনৰ পৰা আৰক্ষীয়ে পাঁচ কাৰ্টুন সাঁচি কাঠ উদ্ধাৰ কৰাৰ লগতে দুজন লোকক আটক কৰে ৷ গাড়ীখনত সাঁচি কাঠ অনা লোক দুজন হ’ল হোজাই নীল বাগানৰ মহম্মদ আব্দুলা আৰু জমুনামুখ বেদভেটিৰ নজমুল হক ৷ জব্দ কৰা সাঁচি কাঠ আৰু ধৃত লোক কেইজনৰ সৈতে উইিংগাৰ গাড়ীখন বোকাখাত আৰক্ষীয়ে পাচত বোকাখাতৰ বনাঞ্চলিক বিষয়াক অৰ্পণ কৰে ৷ ঘটনাৰ সম্পৰ্কত এক গোচৰ ৰজু কৰি বন বিভাগে সবিশেষ তথ্য লাভৰ বাবে অনুসন্ধান আৰম্ভ কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *