বোকাখাতত নাৰী শক্তিৰ অৱস্থান ধৰ্মঘট

নিউজ ডেস্ক, কাজিৰঙা লাইভ , ২১ ডিচেম্বৰ: হাজাৰোধিক মহিলাৰ কা- বিৰোধী প্ৰতিবাদেৰে উত্তাল হ’ল আজি বোকাখাত ৷ বোকাখাতৰ চিকন আতা মূল প্ৰৱেশ দ্বাৰৰ সমীপত আজি বোকাখাতত অনুষ্ঠিত হোৱা বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীৰ সংগঠনৰ আহ্বানত নাগৰিকত্ব ( সংশোধনী) আইন বাতিলৰ দাবীত নাৰী শক্তিৰ অৱস্থান ধৰ্মঘটত কিশোৰী, যুৱতীৰ পৰা আৰম্ভ কৰি প্ৰৌঢ়া, বৃদ্ধালৈ “নাৰী শক্তিৰ অৱস্থান ধৰ্মঘট”ত প্ৰায় হাজাৰোধিক মহিলাৰ বজ্ৰ নিনাদত কঁপি উঠিল সমগ্ৰ বোকাখাত। ‘জয় আই অসম’, ‘কা আমি নামানো’, আদি শ্লোগানৰ লগতে প্ৰতিবাদী গীত-মাতেৰে সমূহ মহিলাই আজি উত্তাল কৰি তোলে বোকাখাত নগৰৰ মাজমজিয়া। জাতি- বৰ্ণ- ধৰ্ম নিৰ্বিশেষে বোকাখাতৰ সকলো শ্ৰেণীৰ মহিলাই আহি আজি অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত৷ এই প্ৰতিবাদী অনুষ্ঠানত বিশিষ্ট ব্যক্তি ভবেশ শইকীয়া, নিজৰা বৰঠাকুৰ, কল্পনা চেতিয়, বুবুল দত্ত, জিতু শৰ্মা ৰাজখোৱা, সুৱৰ্ণ শইকীয়া বৰদলৈ, মিনতি দলে, গীতাঞ্জলি কলিতা, চন্দ্ৰপ্ৰভা শইকীয়া, অনিত গড়, সুশীল কালিন্দী, নীলিমা গগৈ, দীপক হাজৰিকা, অমৰ শৰ্মা, গীতাৰ্থ শইকীয়া, দীপজ্যোতি ঠাকুৰীয়া, নীলোৎপল খাউণ্ড, দাদুল বৰা, লিম্পি বৰ্মন ,অৰ্পনা ফুকন আদিয়ে নিজ নিজ প্ৰতিবাদী ভাষণেৰে জাতীয়তাবাদী সজাগতাৰে উদ্বুদ্ধ কৰি তোলে উপস্থিত ৰাইজক। এই প্ৰতিবাদী কাৰ্যসূচীত বোকাখাত মহকুমাৰ বিভিন্ন গাওঁ, বিভিন্ন অঞ্চলৰ পৰা অহা সমাজৰ সকলো শ্ৰেণীৰ মহিলাই “নৰেন্দ্ৰ মোডী হুচিয়াৰ,সৰ্বানন্দ সোনোৱাল হুচিয়াৰ” ধ্বনিৰে বোকাখাত নগৰৰ মাজ মজিয়াত নিজৰ প্ৰতিবাদ সাব্যস্ত কৰি কঁপাই তুলিলে বোকাখাত নগৰ৷

Leave a Reply

Your email address will not be published. Required fields are marked *