কাজিৰঙাত “কা” বাতিলৰ দাবীত বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিবাদী সমদল

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত কাজিৰঙাত তীব্ৰ প্ৰতিবাদ ৷ বৃহস্পতিবাৰে কাজিৰঙাৰ কহঁৰাত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন জাতি জনগোষ্ঠী লোকৰ সমাবেশেৰে এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰা হয় ৷ কাজিৰঙা প্ৰেছ ক্লাৱৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টাই আহোম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম চাহ জনজাতি ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থাৰ বোকাখাত আৰু কাজিৰঙা সমিতিৰ লগতে সমূহ কাজিৰঙাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত এই কা বিৰোধী প্ৰতিবাদী সমদলত বিভিন্ন জাতি জনগোষ্ঠীয় লোককে ধৰি সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷ কাজিৰঙাত বসবাস কৰা মিচিং, কাৰ্বি, টাই আহোম, চাহ জনজাতি, গোৰ্খা, বঙালী সম্প্ৰদায়ৰ লোকৰ লগতে ইছলাম, খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে নিজ সাজ-পোচাক পৰিধান কৰি প্ৰতিবাদী সমদলত অংশ লোৱাৰ লগতে সমূহ ৰাইজে জাতীয় পোচাক পৰিধান কৰি প্ৰতিবাদী সমদলত অংশ লয় ৷ দিনৰ ১০-৩০ বজাত কাজিৰঙাৰ কহঁৰা চাৰিআলিৰ নাট্য মন্দিৰ প্ৰাংগণৰ পৰা উলিওৱা প্ৰতিবাদী সমদলটি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বগৰীজুৰি তিনিআলি হৈ পুনৰ কহঁৰা চাৰিআলিলৈ উভতি আহে ৷ কহঁৰা চাৰিআলিত ৰাজপথৰ দাঁতিতে প্ৰতিবাদীকাৰী সকলে এখনি প্ৰতিবাদী সভা অনুষ্ঠিত কৰে ৷ কহঁৰা বজাৰ সমিতি, কাজিৰঙা জ্যোষ্ঠ নাগৰিক সন্থাৰ বিষয়-ববীয়া উপস্থিত থকা প্ৰতিবাদী সভাত কা বাতিলৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতিৰ সম্পাদক অনন্ত গগৈ, টাই আহোম ছাত্ৰ সন্থাৰ কাজিৰঙা আঞ্চলিকৰ সম্পাদক উৎপল গগৈ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বোকাখাত মহকুমাৰ হৈ দীপ গগৈ, অসম চাহ জনজাতি ছাত্ৰ সন্থা কাজিৰঙা উপ-শাখাৰ সুভাষ চাওৰা, গোৰ্খা ছাত্ৰ সন্থাৰ বোকাখাত আঞ্চলিকৰ উপদেষ্টা ৰুদ্ৰ ছেত্ৰী, কাজিৰঙা জ্যোষ্ঠ নাগৰিক সন্থাৰ দীনেশ্বৰ গগৈ আদিয়ে বক্তব্য ৰাখে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *