কেব বিৰোধী প্ৰতিবাদত উত্তাল কলিয়াবৰৰ ৰাজপথ।

জিলা অগপ কাৰ্য্যালয়ৰ সন্মুখতো প্ৰতিবাদ। কেশৱ মহন্তৰ কলিয়াবৰস্থিত বাসগৃহ ঘেৰাও।

কাজিৰঙা লাইভ, কলিয়াবৰ, ১১ ডিচেম্বৰ: কেব বিৰোধী প্ৰতিবাদত উত্তাল হ’ল কলিয়াবৰ। কলিয়াবৰৰ কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষক আৰু ৫ শতাধিক ছাত্ৰ ছাত্ৰীয়ে কেবৰ বিৰূদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে জয় আই অসম ধ্বনি দি কেব বিৰোধী শ্লোগান দি কুঁৱৰীটোলৰ পৰা কলিয়াবৰ তিনিআলিলৈকৈ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কলিয়াবৰ তিনিআলিত প্ৰায় ৩ ঘন্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে । ইয়াৰ পাছতে প্ৰতিবাদকাৰী সকলে কলিয়াবৰ জিলা অ গ প কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, কেশৱ মহন্ত মুৰ্দাবাদ আদি চৰকাৰ বিৰোধী শ্লোগান দি উত্তাল কৰি তোলে । অন্যহাতেদি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কলিয়াবৰৰ ছাত্ৰ সমাজে মন্ত্ৰী কেশৱ মহন্তৰ বাসগৃহ ঘেৰাও কৰিবলৈ ৰাওনা হোৱাত কুঁৱৰীটোল চাৰিআলিত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰে যদিও আৰক্ষীৰ বাধা নেওচি প্ৰতিবাদী সমদলটি মন্ত্ৰী কেশৱ মহন্তৰ বাসগৃহত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে । মন্ত্ৰী কেশৱ মহন্তৰ বাসগৃহলৈ ৰাওনা হোৱা প্ৰতিবাদী সমদলটিৰ কেইবাজনো ছাত্ৰক আটক কৰে কলিয়াবৰ আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *