কাজিৰঙাত কেবৰ বিৰুদ্ধে ওলাই আহিল শতাধিক পুৰুষ মহিলা।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৯ ডিচেম্বৰ: লোকসভাত নাগৰিকত্ব সংশোধনী বিল উত্থাপন হোৱাৰ পাছতে প্ৰতিবাদত উত্তাল হ’ল কাজিৰঙা ৷ কেবৰ বিৰোধিতাৰে শতাধিক পুৰুষ মহিলা, যুৱক যুৱতী ওলাই আহিল কাজিৰঙাৰ ৰাজপথলৈ ৷ কাজিৰঙাৰ বগৰিজুৰীৰ পৰা কহঁৰালৈ জোৰ সমদল কৰি উত্তাল কৰিলে কাজিৰঙাৰ ৰাজপথ ৷ কহঁৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত অৱস্থান কৰাত ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা। প্ৰতিবাদকাৰী সকলে লোৱা প্ৰায় এঘণ্টা জোৰা কাৰ্য্যসূচীত ঘাই পথৰ দুয়ো দিশে আবদ্ধ হৈ পৰে শ শ যান বাহন। সকলোৰে এটাই দাবী জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহব। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী কৰাৰ লগতে বি জে পি গ’ বেক, সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, আৰ এছ এছ মূর্দাবাদ, অতুল বৰা মূর্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ ধ্বনিৰ কঁপাই তোলে কাজিৰঙাৰ আকাশ বতাহ।

Leave a Reply

Your email address will not be published. Required fields are marked *