হাতত তুলিকা লৈ উকা দেৱালত কাজিৰঙাৰ জৈৱ বৈচিত্ৰতাৰ চিত্ৰ অংকন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৮ ডিচেম্বৰ: উকা দেৱালত ছবি আঁকি কাজিৰঙাক সৰ্বাংগসুন্দৰ কৰি ৰখাৰ প্ৰয়াস এজাক অকণিৰ ৷ আগন্তুক কাজিৰঙা উৎসৱ ২০২০ লগত সংগতি ৰাখি দেউবাৰে বোকাখাত মহকুমা প্ৰশাসন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ যৌথ উদ্যোগত কাজিৰঙাৰ কহঁৰাত হাতত তুলিকা লৈ কাজিৰঙাৰ জৈৱ বৈচিত্ৰতাৰ চিত্ৰ অংকন কৰিলে অকণিহঁতৰ লগতে স্থানীয় একাংশ শিল্পীয়ে ৷ লগতে চিত্ৰ অংকন কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক, বোকাখাত মহকুমাৰ মোহকুমাধিপতি আৰু বোকাখাতৰ তথ্য আৰু জনসংযোগ বিষয়াই শিল্পী সকলক উৎসাহ যোগাই। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ কেন্দ্ৰস্থল কহঁৰাক আকৰ্ষণীয় কৰি ৰাখিবলৈ মহকুমা প্ৰশাসনে দেৱাল সমূহ পৰিস্কাৰ কৰি ৰখাৰ ব্যৱস্থা কৰাৰ সামান্তাল ভাৱে চিত্ৰ অংকনৰ দ্বাৰা ছাত্ৰছাত্ৰীৰ মাজত জৈৱ বৈচিত্ৰতাৰ সজাগতা সৃষ্টিৰো প্ৰচেষ্টা হাতত লৈছে বোকাখাত মহকুমা প্ৰশাসনে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *