অৱসৰ ললে কাজিৰঙাৰ “জৰবা”ই

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৮ ডিচেম্বৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড়ঁ নিধন কৰা ৪০  টা চোৰাং চিকাৰীক কৰায়ত্ব কৰাত সহযোগ আগবঢোৱা “জৰবা”ক আনুষ্ঠানিক ভাৱে বিদাই দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত  চোৰাং চিকাৰীৰ বিৰোদ্ধে চলোৱা অভিযানত সহযোগিতাৰ বাবে কাজিৰঙালৈ “জৰবা”ক অনা হৈছিল ২০১৩ চনৰ ফেব্ৰুৱাৰী মাহত । সেই সময়ত ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাং চিকাৰীয়ে বনকৰ্মীৰ চকুত ধুলি মাৰি এটাৰ পাছত এটাকৈ ধাৰাবাহিক ভাৱে গড়ঁ নিধন কৰি বন বিভাগৰ নিদ্ৰা হৰণ কৰিছিল । গড়ঁ  নিধনৰ পিছত উদ্যান কৰ্ত্তৃপক্ষই চোৰাং চিকাৰীৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল । কাজিৰঙাৰ বনকৰ্মীক সহায় কৰিবলৈ উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত “জৰবা”ক প্ৰথমবাৰলৈ অনা হল কাজিৰঙালৈ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলিক বিষয়া কাৰ্যালয়ত ২০১৩ চনৰ পৰা অৰ্থাৎ সাতটা বছৰ থাকি দিনে – নিশাই কেৱল চোৰাং চিকাৰীৰ সন্ধান দিয়াৰ লগতে তথ্যৰ যোগান ধৰাতো সফল হৈছিল জৰবা । “জৰবা”ৰ মাষ্টৰ হিচাপে পৰিচিত অনীল দাসে জানিব দিয়া মতে “জৰবা”  অতি বুদ্ধিমান, সাহসী উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত এটা বেলজিয়াম মেলনাইচ কুকুৰ । দীৰ্ঘ দিনৰ কৰ্তব্যৰ অন্তত “জৰবা”ই আনুষ্ঠানিক ভাৱে  কৰ্তব্যৰ পৰা অবসৰ গ্ৰহণ কৰে । অনীল দাসে আৰু জানিব দিয়া মতে জৰবা কাজিৰঙালৈ অহাৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপৰিও ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চল , কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে থকা কাৰ্বি পাহাৰ আদি এলেকালৈ গৈ চোৰাং চিকাৰীৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছিল । অন্যহাতে বেচৰকাৰী স্বেচ্ছাসী সংগঠন আৰণ্যকৰ সচিব প্ৰধান ড.বিভব কুমাৰে জানিব দিয়া মতে  ইতিমধ্যে “জৰবা”ই সন্ধান দিয়া কাজিৰঙাত গড়ঁ নিধনৰ সৈতে জড়িত থকা ৪০ টাতকৈও অধিক চোৰাং চিকাৰীয়ে কাৰাগাৰৰ ভাত খাবলৈ বাধ্য হৈছে  । সচিব প্ৰধানজনে আৰু জানিব দিয়া মতে এই স্নিফাৰ ডগটোক ২০১১ চনৰ আগষ্ট মাহত  গুৱাহাটীলৈ আনি বিদেশৰ প্ৰশিক্ষকৰ দ্বাৰা  উচ্চ প্ৰশিক্ষণ দিয়া হৈছিল । কাজিৰঙালৈ প্ৰেৰণ কৰাৰ পূৰ্বে কিছু দিনৰ বাবে পবিতৰা অভয়াৰণ্যত ৰখা হৈছিল । এই “জৰবা” নামৰ  স্নিফাৰ ডগটোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ স্বাৰ্থত বেচৰকাৰী স্বেচ্ছাসী সংগঠন আৰণ্যকে উদ্যান কৰ্ত্তৃপক্ষক প্ৰদান কৰিছিল আৰু ইয়াৰ পৰিচৰ্যাৰ সম্পূৰ্ণ খৰচো আৰণ্যকে বহন কৰি আহিছিল বুলি জানিব পৰা গৈছে । উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ বন বিষয়া পংকজ বৰা,  আৰণ্যকৰ সচিব প্ৰধান ড.বিভব কুমাৰ তালুকদাৰ , প্ৰকল্প বিষয়া আৰিফ হুচেইন,  ৰিংকু বেজবৰুৱা , অনীল দাস তথা বনকৰ্মীৰ উপস্থিতিত “জৰবা”ক আনুষ্ঠানিক ভাৱে কাজিৰঙাৰ পৰা বিদায় সম্ভাষণ জনোৱা হয় । এতিয়াৰ পৰা “জৰবা” গুৱাহাটীত অবসৰৰ দিন অতিবাহিত কৰিব । উল্লেখ্য কাজিৰঙাত চোৰাং চিকাৰী প্ৰতিহত কৰিবলৈ আৰণ্যকৰ তৰফৰ পৰা বৰ্তমান চিলা , লিয়ণ আৰু জুবিৰক নিয়োগ কৰা হৈছে । উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত বেলজিয়াম মেলনাইচ প্ৰজাতিৰ স্নিফাৰ ডগ চিলাক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰিত , জুবিৰক বুঢ়াপাহাৰ আৰু লিয়ণক বোকাখাতত ৰখা হৈছে বুলি স্নিফাৰ ডগৰ তত্বাৱধায়ক অনীল দাসে জানিব দিয়ে । কেৱল মানুহেই যে বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় সুৰক্ষা দি আছে তেনে নহয় । “জৰবা” এটা স্নিফাৰ ডগ হৈও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ কাৰণে বিগত সাতটা বছৰ সেৱা আগবঢ়োৱাৰ বাবে উদ্যান কৰ্ত্তৃপক্ষই ধন্যবাদ জ্ঞাপন কৰিছে । 

Leave a Reply

Your email address will not be published. Required fields are marked *