পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূলচন্দ্ৰৰ ধৃতি -বৰ্ত্তনা মহোৎসৱ।

কাজিৰঙা লাইভ, কলিয়াবৰ, ৮ ডিচেম্বৰ: আজি কলিয়াবৰৰ মৌচন্দা পথাৰত আজি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূলচন্দ্ৰৰ ধৃতি -বৰ্ত্তনা মহোৎসৱ। সৎসঙ্গৰ পৰমাৰাধ্য আচাৰ্য্যদেৱ পৰম পূজ্যপদ শ্ৰী শ্ৰী দাদি, পৰম পূজ্যপাদ শ্ৰী শ্ৰী বাবাই দাদা আৰু পৰম পূজ্যপাদ শ্ৰী শ্ৰী অবিনদাদাৰ আৰ্শীবাদত দেওবাৰে অনুষ্ঠিত এই ধৃতি বৰ্ত্তনা অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰঞ্জিৎ দাস উপস্থিত থাকে। নগাঁও জিলাৰ কলিয়াবৰৰ মৌচন্দা পথাৰত অনুষ্ঠিত পৰম প্ৰমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূলচন্দ্ৰৰ ধৃতি -বৰ্ত্তনা মহোৎসৱ মহা সমাৰোহেৰে অনুষ্ঠিত হয়। কাৰ্যসূচী অনুযায়ী পুৱা ৬ বজাত প্ৰাতঃকালীন বিনতি প্ৰাৰ্থনা, নাম জপ আৰু ধৰ্মগ্ৰন্থাদি পাঠ, ৮ বজাত নামসংকীৰ্তন ও ধৰ্মালোচনা,১০ বজাত ভজন ও ধৰ্মালোচনা , বিয়লি১ বজাত মাতৃ সন্মিলন অনুষ্ঠিত হহয়। ৩ কোটি টকা ব্যয় ধাৰ্য্য কৰা এই মহোৎসৱত কেইবালক্ষাধিক ভক্তৰ সমাগম হৈছে মৌচন্দা পথাৰত। চাৰিটাকৈ ভোগ ঘৰত এবাৰত ৪০ হাজাৰ ভক্তই প্ৰসাদ গ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *