দৈগ্ৰোঙত হাত কাটি সৰ্বানন্দ সোনোৱালৰ মুখত তেজ সানি প্ৰতিবাদ যুৱকৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৮ ডিচেম্বৰ: নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৈগ্ৰোঙত নিজৰ হাত কাটি সৰ্বানন্দ সোনোৱালৰ মুখত তেজ সানি প্ৰতিবাদ সাব্যস্ত কৰে কেইবাজনো অসমীয়া যুৱকে । হাত কাটি শোণিতেৰে লিখিলে “জয় আই অসম” । নিজৰ তেজেৰে ৰাঙলী কৰিলে সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তিত । নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে হিন্দু বাংলাদেশীৰ তেজেৰে ৰাজপথ ৰাঙলী হব বুলিও হুংকাৰ প্ৰদান কৰে এই অসমীয়া যুৱক কেইজনে । হিন্দু বঙালী গ’ বেক, সৰ্বানন্দ সোনোৱাল হুচিয়াৰ, হিন্দু বঙালী সাৱধান আদি বিভিন্ন শ্ল’গানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে এই যুৱক কেইজনে । যদি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰে তেতিয়া তেজৰ বদলি তেজ লবলৈ প্ৰস্তুত বুলিও স্পষ্ট মত প্ৰকাশ কৰে যুৱকে কেইজনে । আজি প্ৰায় ১০ জন যুৱকে তীব্ৰ প্ৰতিবাদেৰে এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *