কেবৰ বিৰোদ্ধে কাজিৰঙাত যুৱ ছাত্ৰৰ প্ৰতিবাদ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৭ ডিচেম্বৰ:  কাজিৰঙাত কেবৰ বিৰোদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৷
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকা সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতিৰ উদ্যোগত কাজিৰঙা আঞ্চলিক সমিতিৰ কেব বিৰোধী প্ৰতিবাদে শনিবাৰে নিশা উত্তাল কৰিলে কাজিৰঙাৰ ৰাজপথ ৷ মোদী চৰকাৰৰ তথা গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত অসমৰ জাতীয় সংগঠনৰ কেবক লৈ হোৱা আলোচনা বিফল হোৱাৰ পাছতেই কেন্দ্ৰই কেবিনেটত নাগৰিকত্ব সংশোধনী বিধেয়ক অনুমোদন কৰাৰ পাছত ৰাজ্যজুৰি ক্ষোভৰ উদ্গীৰণ হৈছে ৷ ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতিয়ে কেবৰ বিৰোধিতা কৰি কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জোৰ সমদল উলিয়াই পথ অৱৰোধ কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । প্ৰতিবাদী সমদলটোৱে হাতে-হাতে জোঁৰ লৈ আজি সন্ধিয়া কাজিৰঙাৰ কেন্দ্ৰস্থল  কঁহৰাৰ মাজমজিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী শ্ল’গানেৰে কাজিৰঙাৰ আকাশ-বতাহ কঁপাই তোলে ৷  কোনো কাৰণতে কেব মানি লোৱা নহ’ব বুলি দাবী উত্থাপন কৰি “আমাৰ অসম কোনো ডাছবিন নহয়,অসম বিদেশীৰ চৰণীয়া পথাৰ নহয়” বুলি মন্তব্য কৰি প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় চৰকাৰক সকিয়াই দিয়াৰ লগতে অগপ দলকো তীব্ৰ ভাষাৰে সমালোচনা কৰে । কেন্দ্ৰীয় চৰকাৰে দিল্লীত আলোচনাৰ নামত ভেঁকো-ভাওনা কৰা হ’ল বুলি দাবী কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰায় ১ ঘন্টা সময় কেবক বিৰোধিতা কৰি হাতে-হাতে জোঁৰলৈ কঁহৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি ৰাখে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি ৰখাৰ ফলত উজনি-নামনিৰ যাতায়ত ব্যাহত ব্যাহত হৈ পৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *