কাজিৰঙা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বোকাখাতৰ বৰজুৰিৰ পৰা বাগৰিলৈকে ন’ পাৰ্কিং জ’ন ঘোষণা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৭ ডিচেম্বৰ: কাজিৰঙা দৰ্শন কৰিবলৈ অহাৰ আগত এইবাৰ আপুনি সাৱধান হব লাগিব ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকাত এতিয়াৰে পৰা আপুনি নিজ ইচ্ছামতে য’তে-ত’তে গাড়ী ৰখায় বন্যপ্ৰাণীৰ মুক্ত বিচৰণৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিব নোৱাৰিব ৷ কিয়নো কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ৰাজপথৰ এলেকা সমূহত ঘোষণা কৰা হৈছে ন’ পাৰ্কিং জন ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যজন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া এলেকা সমূহত বলবৎ কৰিছে ১৪৪ ধাৰা । এই আইন অমান্য কৰি আপুনি যদি সেই নিষিদ্ধ এলেকা সমূহত নিজ ইচ্ছানুযায়ী গাড়ী ৰখায় তেতিয়া হ’লে আপুনি ভৰিব লাগিব জৰিমনা। সেয়ে এতিয়াৰে পৰা আপুনি সাৱধান হওঁক। উল্লেখ্য যে, দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত চেণ্ট্ৰেল এমপাৱাৰমেণ্টে দাখিল কৰা প্ৰতিবেদনৰ উদ্ধৃতিৰে গোলাঘাটৰ উপায়ুক্তই কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সকলো ধৰণৰ গধুৰ যান-বাহন ৰখোৱাটো সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে ৷ কাজিৰঙাৰ এনিমেল কৰিডৰ সমূহত যানবাহনৰ বাবে বন্যপ্ৰাণী সমূহে সন্মুখীন হব লগা হোৱা বিভিন্ন ধৰণৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটৰ উপায়ুক্ত ধীৰেন হাজৰিকাই ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধৰা অনুসৰি জি এম জে ১০/২০০৬-১১/৭৪ নম্বৰৰ নিৰ্দেশযোগে বোকাখাতৰ বৰজুৰিৰ পৰা কাজিৰঙাৰ বাগৰিলৈকে কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটিক ন’ পাৰ্কিং জ’ন হিচাপে চিনাক্ত কৰি ট্ৰাক, ট্ৰেংকাৰ আৰু ট্ৰেইলাৰ ৰখোৱা সম্পূৰ্ণৰূপে বন্ধ কৰা বুলি ঘোষণা কৰিছে ৷ এই নিৰ্দেশনা অনুসৰি বোকাখাতৰ বৰজুৰিৰ পৰা কাজিৰঙাৰ বাগৰিলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ট্ৰাক, টেংকাৰ বা ট্ৰেইলাৰৰ দৰে কোনোধৰণৰ গধুৰ যানবাহন ৰখাব নোৱাৰিব ।উল্লেখ্য যে, চেণ্ট্ৰেল এমপাৱাৰমেণ্ট কমিটিৰ প্ৰতিবেদনত এই ঘাইপথত ৰখোৱা এইসমূহ গাড়ীয়ে আৱৰ্জনা পেলাই বা গাড়ীসমূহ এই অঞ্চলত ৰখাই থৈ ধুৱাৰ ফলত এনিমেল কৰিডৰৰ লগতে সমীপৰে বৈ যোৱা ডিফলু নৈকো এইসমূহ বাহনে প্ৰদূষিত কৰা বুলি উল্লেখ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *