বোকাখাতত মাষ্টাৰ্চ এথলেটিক প্ৰতিযোগিতাৰ পূর্ণ প্ৰস্তুতি

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৯ ডিচেম্বৰঃ অহা ২৭ৰ পৰা ৩০ডিচেম্বৰ পৰ্যন্ত বোকাখাতত হবলগীয়া ২৮ সংখ্যক সদৌ অসম আন্তঃজিলা মাষ্টাৰ্চ এথলেটিক প্ৰতিযোগিতাৰ পূর্ণ প্ৰস্তুতি চলিছে। আজি উদযাপন সমিতিৰ সম্পাদক সুবুধ বৰাই এক সংবাদ মেলৰ যোগেদি কয় যে ২৮ লাখ টকা ব্যয় সাপেক্ষে অনুষ্ঠিত হব প্ৰতিযোগিতা খন। নুমলীগড শোধনাগাৰ কৰ্তৃপক্ষই ৩ লাখ টকা প্ৰতিযোগিতা খনলৈ আগবঢ়াইছে। প্ৰতিযোগিতা খনিৰ লগত সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থ প্ৰকাশ পাব। উদ্বোধনী অনুষ্ঠান মূখ্য মন্ত্রী সৰ্বানন্দ সোনোৱালকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে। অসমৰ ৩৬ খন জিলাৰ ১৭৫০জন খেলুৱৈয়ে যোগদানৰ কথা ইতিমধ্যে নিশ্চিত কৰিছে। তাৰ ভিতৰত ৯০বছৰ উৰ্ধৰ ৬ গৰাগী খেলুৱৈও অংশগ্ৰহণ কৰিব। ১০০জন খেল পৰিচালক আৰু স্বেচ্ছাসেবক থাকিব । উক্ত প্ৰতিযোগিতা খনিত ২২ বিধ খেল হব বুলি জনাই বৰাই।

Leave a Reply

Your email address will not be published. Required fields are marked *