বোকাখাতত মন্ত্ৰী অতুল বৰা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ফাঁচি লগাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত আছুৰ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৯ ডিচেম্বৰ: কেব নামানো নামানো নামানো ধ্বনিৰে বোকাখাতৰ ৰাজপথত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিধায়ক অতুল বৰাক চিপজৰী লগায় অভিনব প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ বোকাখাত আঞ্চলিক সমিতিয়ে ৷ ৮৫৫ জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত সম্পাদিত অসম চুক্তিক অৱমাননা কৰি অসমৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে হিন্দু বাংলাদেশীৰ বোজা জাপি দিবলৈ চেষ্টা কৰাৰ লগতে অসমীয়া জাতিৰ ভাষা-সংস্কৃতি ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ কৰিছে সেয়া কোনো পধ্যেই মানি লোৱা নহ’ব বুলি সকিয়াই দিয়ে সদৌ অসম ছাত সন্থাৰ বোকাখাত আঞ্চলিক সমিতিয়ে ৷ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যজুৰি অব্যাহত তীব্ৰ প্ৰতিবাদ ৷ দল-সংগঠনৰ প্ৰতিবাদত জ্বলিছে অসম ৷ অসম আৰু অসমীয়া জাতিৰ ভাষা-সংস্কৃতি ৰক্ষাৰ স্বাথত ৰাজপথলৈ ওলাই আহিছে ৰাজ্যৰ ছাত্ৰ সমাজ। অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বিৰোধিতা কৰি কৰি অহাৰ পাছটো অসমীয়া জাতিটোক নিঃশেষ কৰিব বিচৰা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তত সৰব হৈ পৰিছে ছাত্ৰ সমাজ ৷ আজি জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত সদৌ অসম ছাত্ৰ সন্থাই কেব বাতিলৰ দাবীত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্ত্তি বনাই বোকাখাত নগৰৰ মাজমজিয়াত ফাঁচি লগাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, কেব আমি নামানো, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অতুল বৰা মুৰ্দাবাদ, কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্লগানেৰে বোকাখাতৰ আকাশ-বতাহ উত্তাল কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ বোকাখাত আঞ্চলিক সমিতিয়ে ৷ কোনো কাৰণতে সাম্প্ৰদায়িক আৰু অসম চুক্তি উলংঘা কৰা জাতিধ্বংসী বিধেয়কখন মানি নলও বুলি সকিয়াই দিয়ে আছুয়ে ৷ পৰৱতী সময়ত জংগী আন্দোল কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ বোকাখাত আঞ্চলিক সমিতিয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *