কমাৰগাঁৱত কেব বিৰোধী আছুৰ বিক্ষোভ আন্দোলন

কাজিৰঙা লাইভ, মহুৰামুখ, ৫ ডিচেম্বৰ: সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টা জাতি-জনগোষ্ঠীৰ আহ্বানত আজি কমাৰগাঁও আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত কমাৰগাঁও তিনি আলিত ২ঘণ্টা জোৰা সময় ‘কেব’ৰ বিৰুদ্ধে বিক্ষোভ কায্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বক ভাৱে অসম আৰু অসমীয়া ওপৰত জাপি দিব বিচৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিক্ষোভ কাৰ্যসূচীত বিজেপি চৰকাৰ কাম নাই, সৰ্বানন্দ সোণোৱালৰ কাম নাই, হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই, অতুল বৰা কাম নাই, মোদী গ’ বেক, কেব মানি লোৱা নহ’ব, কেব বাতিল কৰক আদি শ্লো’গানেৰ কমাৰগাঁও অঞ্চলৰ আকাশ বতাহ উত্তাল কৰি তোলে। কমাৰগাঁও আঞ্চলিক ছাত্ৰ সন্থা সাধাৰণ সম্পাদক দীপাংকৰ মৰাঙে আঁত ধৰা বিক্ষোভ কার্যসূচীত বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মানৱ গগৈ, বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থা সাধাৰণ সম্পাদক লাচিত কাকতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত বক্তব্য প্ৰদান কৰে। বিক্ষোভ কার্যসূচীত টাই আহোম ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা আৰু অনুসূচীত জাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *