অসম সমবায় মৰাপাট কললৈ ভাবুকি। যিকোনো মুহূৰ্ততে বন্ধ হোৱাৰ আশংকা শিলঘাট মৰাপাট কল।

কাজিৰঙা লাইভ, কলিয়াবৰ, ৫ ডিচেম্বৰ: সমবায় খণ্ডত প্ৰতিষ্ঠিত অসমৰ একমাত্ৰ মৰাপাট কল শিলঘাট মৰাপাট কললৈ নামি আহিছে অশনি সংকেত। ৯ কোটিৰো অধিক ধন পৰিশোধ কৰিবলৈ বাকী আছে মৰাপাট যোগানীয়াৰ সকলক। পৰিশোধ কৰিব লগা ধন আদায় নিদিলে শীঘ্ৰে মৰাপাট যোগান বন্ধ কৰিব লাগিব যোগনিয়াৰে ৷ ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ সমূহ এটাৰ পিছত এটাকৈ বন্ধ হৈ পৰাৰ পাছত অসম সমবায় মৰাপাট কললৈ অহা ভাবুকিৰ বাবে চিন্তিত হৈ পৰিছে উদ্যোগটোৰ বিষয়া কৰ্মচাৰীৰৰ লগতে যোগনিয়াৰ সকল । ২০১২-১৩ বিত্তীয় বৰ্ষত ৬৮ লাখ ৮৮ হাজাৰ টকা লাভ কৰিবলৈ সক্ষম হোৱা শিলঘাট মৰাপাট কলটিয়ে বিগত বৰ্ষত লাভ কৰিবলৈ সক্ষম হৈছে মাত্ৰ ১ লাখ ৩৯ হাজাৰ টকা। ইয়াৰ বিপৰীতে বৰ্তমানে ২০ গৰাকীত কৈ অধিক মৰাপাট যোগানীয়াৰৰ ওচৰত ৯ কোটিৰো অধিক ধন পৰিশোধ কৰিবলৈ বাকী আছে মৰাপাট কল কতৃপক্ষই। শেহতীয়াকৈ ১৫ গৰাকী মৰাপাট যোগানীয়াৰে বাকীত মৰাপাট যোগান ধৰিবলৈ অপাৰগতা প্ৰকাশ কৰি কল কতৃপক্ষলৈ লিখিত পত্ৰ প্ৰেৰণ কৰিছে ৷ ইয়াকে লৈ চিন্তিত হৈ পৰিছে শিলঘাট মৰাপাট কল কৰ্তৃপক্ষৰ লগতে সঞ্চালক মণ্ডলীৰ সদস্য সকল। কলিয়াবৰৰ প্ৰথম গৰাকী বিধায়ক লীলা কান্ত বৰাই প্ৰতিষ্ঠা কৰা অসম সমবায় মৰাপাট কলটি ১৯৫৯ চনত পঞ্জীয়নভুক্ত হৈ এক দীঘলীয়া প্ৰচেষ্টাৰ ফচল হিচাপে ১৯৭১ চনৰ পৰা কলটিয়ে উৎপাদন আৰম্ভ কৰি কলিয়াবৰত এক সমবায় আন্দোলনৰ সূচনা কৰিছিল। তদানীন্তন কৃষি মন্ত্ৰী ফকৰুদ্দিন আলী আহমেদে ১৯৭১চনৰ ১৭ জানুৱাৰী তাৰিখে মৰাপাট কলৰ উৎপাদনৰ শুভাৰম্ভ কৰে। পৰবৰ্তী সময়ত ১৯৮৪ চনৰ মাৰ্চ মাহত আৰ্থিক সংকটৰ বাবে প্ৰায় ২ বছৰ ধৰি মৰাপাট কলটি বন্ধ হৈ পৰিছিল যদিও অসম চুক্তিৰ দফা অনুযায়ী মৰাপাট কলটিয়ে ১৯৮৬ চনৰ ১ জানুৱাৰীৰ পৰা পুনৰ উৎপাদন আৰম্ভ কৰি শ্ৰমিক সকলৰ মুখত হাঁহি বিৰিঙাইছিল। পৰবৰ্তী সময়ত ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা পুনৰ মৰাপাট কলটিলৈ নামি আহিল অশনি সংকেত। অভিযোগ মতে অপৰিপক্ক সিদ্ধান্তৰে মৰাপাট কল কতৃপক্ষই ২০১০-১১ বিত্তীয় বৰ্ষত ৫ কোটি টকা খৰছ কৰি এটি লেমিনেটেড যন্ত্ৰ ক্ৰয় কৰি এটি লেমিনেটেড প্লান্ট স্থাপন কৰাত মৰাপাট কলটি লোকচানৰ সন্মুখীন হোৱাৰ লগতে ৫ কোটি টকীয়া যন্ত্ৰটি বৰ্তমানে অব্যৱহৃত হৈ পৰি আছে । তদানীন্তন পৰিচালন সঞ্চালক ধৰ্মেশ্বৰ পাটোৱাৰীৰ কাৰ্য্যকালত ক্ৰয় কৰা ৫ কোটি টকীয়া এই যন্ত্ৰটো আজি পৰি আছে অব্যৱহৃত অৱস্থাত। তাৰোপৰি ৬০ খন হেছিয়ান তাঁত শালৰ ২৮ খন শাল ৬ মাহৰো আধিক দিন বন্ধ হৈ থকাত মৰাপাট কলটোৰ উৎপাদন হ্ৰাস পাব ধৰিছে বুলি মিল কতৃপক্ষই জানিব দিয়ে। অন্যহাতেদি ২০১২-১৩ চনত কৰ্মী-কৰ্মচাৰীৰ দা-দৰমহা আদায় দিয়াত ১১ কোটি ৭১ লাখ ৪৭ টকা ব্যয় হৈছিল যদিও ২০১৮-১৯ বিত্তীয় বৰ্ষত এই ব্যয় বৃদ্ধি পালে ১৯ কোটি ১৭ লাখ ৬৮ হাজাৰ টকালৈ। কিন্তু ইয়াৰ বিপৰীতে কলটিৰ উৎপাদন হ্ৰাস পালে দৈনিক গড়ে ২০ টনলৈ। তাৰোপৰি কলটিৰ এনে দুৰৱস্থাৰ আন এক হেতু হৈ পৰিছে কৰ্মসংস্কৃতি। কলটিৰ কৰ্মী পৰিষদে কল কতৃপক্ষলৈ শেহতীয়াকৈ লিখা এখন পত্ৰত কৰ্মী পৰিষদে স্বীকাৰ কৰিছে কৰ্মসংস্কৃতি হ্ৰাস পোৱাৰ প্ৰসংগ। অৱশ্যে কৰ্মী পৰিষদে নতুন বৰ্ষৰ পৰা কলটিৰ অৱস্থা ভাললৈ আহিব বুলি আশা কৰিছে। উল্লেখযোগ্য যে ৯ কোটিৰো অধিক টকা ধাৰৰ বোজা লৈ পৰিচালন সঞ্চালক গুণমনি গগৈ আৰু সঞ্চালক মণ্ডলীৰ সদস্য সকলে মৰাপাট যোগানীয়াৰ সকলক নিয়মিত ভাবে উদ্যোগটোলৈ মৰাপাট যোগান ধৰিবলৈ অনুৰোধ জনোৱাত কলটি সম্প্ৰতি উৎপাদনক্ষম হৈ আছে। অন্যথা যিকোনো মুহূৰ্তত মিলটো বন্ধ হোৱাৰ শংকা নুই কৰিব নোৱাৰি। ৯৫২ গৰাকী শ্ৰমিক আৰু ৪৮ গৰাকী কৰ্মচাৰীক সংস্থাপিত কৰি ৰখাৰ স্বাৰ্থত পৰিচালন সঞ্চালক গৰাকীয়ে যোগানীয়াৰ সকলক জনোৱা অনুৰোধক যোগানীয়াৰ সকলে সহাৰি জনোৱাত কলটি বন্ধ হোৱাৰ পৰা ৰক্ষা পৰি আছে। বাকীত মৰাপাট যোগান ধৰি অহা ১৫ গৰাকী যোগানীয়াৰে মৰাপাট যোগান ধৰিবলৈ অমান্তি হ’লে যিকোনো মুহূৰ্ততে বন্ধ হৈ পৰিব মৰাপাট কলটি। কলটিৰ এনে এক দুৰ্যোগৰ সময়ত মৰাপাট কলটিৰ চেয়াৰমেন, স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই কিছুদিন পূৰ্বে সমবায় মন্ত্ৰী ৰিহন দৈমাৰীক লগত লৈ কলটি পৰ্য্যবেক্ষন কৰি শিলঘাট মৰাপাট কলৰ দ্বিতীয় এটা ইউনিট স্থাপন কৰিবলৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল। ঘোষণা কৰা ধন ৰাশি যদি চৰকাৰে শীঘ্ৰে মুকলি কৰি দিয়ে তেন্তে শিলঘাট মৰাপাট কললৈ আহিব আশাৰ বতৰা। অন্যথা শিলঘাট মৰাপাট কললৈ নামি আহিব ঘোৰ অমানিশা।

Leave a Reply

Your email address will not be published. Required fields are marked *