বিপ্লবী বীৰ শংকৰ বৰুৱা সেঁতুত বৃহৎ ফাট: উজনি-নামনিৰ যাতায়তৰ প্ৰতি চৰম ভাবুকি, ঘোৰ নিদ্ৰাত উৰ্ধতম কৰ্তৃপক্ষ

কাজিৰঙা লাইভ , কমাৰগাঁও, ৪ ডিচেম্বৰ: কমাৰগাঁও আৰু নুমলীগড়ৰ সীমা নিৰ্ধাৰণ কৰা পৃথিবীৰ সৰ্ববৃহৎ একাবেকা নদী ৰূপে খ্যাত ধনশিৰি নদীৰ ওপৰত থকা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা বিপ্লবী বীৰ শংকৰ বৰুৱা সেঁতুৱে আনিছে যাতায়তৰ প্ৰতি চৰম ভাবুকি। কিয়নো দলং খনৰ মাজত সৃষ্টি হৈছে বৃহৎ ফাঁক। এই বৃহৎ ফাঁকৰ ফলত উজনি-নামনিৰ যাতায়তৰ প্ৰতি সৃষ্টি হৈছে চৰম ভাবুকি। উল্লেখ্য যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটি চাৰিলেণ্ডযুক্ত পথলৈ উন্নীতকৰণ হোৱাৰ পিছৰে আজি পৰ্যন্ত দলং খনৰ কোনোধৰণৰ মেৰামতি নহল। এই দলংৰ বৃহৎ ফাঁকৰ ফলত সংঘটিত হৈছে বহুকেইটা সৰু- বৰ ঘটনা। স্থানীয় দল-সংগঠনে বাৰম্বাৰ উৰ্ধতম কৰ্তৃপক্ষক দলংখন মেৰামতিৰ বাবে আবেদন নিবেদন কৰি আহিছে যদিও কোনো কাণসাৰ নাই। কুম্ভকৰ্ণ নিদ্ৰাত উৰ্ধতম কৰ্তৃপক্ষ। যাৰবাবে এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় দল সংগঠন।জনসাধাৰণৰ জীৱনক লৈ হেতালি খেলিবলৈ বিচৰা বৰ্তমানৰ চৰকাৰখনৰ এই আওকণীয়া দৃষ্টিভংগীৰ সলনি ঘটাই অতি শীঘ্ৰে মৰণফান্দ সদৃশ এই দলংখন মেৰামতি কৰি জনসাধাৰণৰ যাতায়তৰ বাবে সুচল কৰি নুতুলিলে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি হুংকাৰ দিছে স্থানীয় লোকৰ লগতে সংগঠনে।

Leave a Reply

Your email address will not be published. Required fields are marked *