বোকাখাতৰ উজনি অসম দিব্যাংগ কেন্দ্ৰত বিশ্ব দিব্যাংগ দিৱস পালন

নিউজ ডেস্ক, কাজিৰঙা লাইভ , ৩ ডিচেম্বৰ :
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ সমান্তৰালভাৱে বোকাখাতস্থিত উজনি অসম দিব্যাংগ কেন্দ্ৰটো আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰা হ’ল বিশ্ব দিব্যাংগ দিৱস । বিগত বৰ্ষৰ দৰে এইবাৰো বিশ্ব দিব্যাংগ দিৱসটি বৰ্ণাঢ্য কাৰ্যসূচীৰে কৰুনাধাৰা বোকাখাত সহায়ক সমিতি আৰু সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানটিত পুৱা পতাকা উত্তোলন কৰে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে আৰু স্মৃতি তৰ্পণ কৰে বোকাখাতৰ ৰাজহ চক্ৰ বিষয়া খনিন্দ্ৰ দাসে। বিশ্ব দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি সিদ্ধি আত্মসহায়ক গোটৰ সহায়ত অধ্যক্ষ ফনীধৰ হাজৰিকাৰ নেতৃত্বত উজনি অসম দিব্যাংগ কেন্দ্ৰটোৰ চৌহদত পুৱা চাফাই অভিযানৰ কাৰ্যসূচীও হাতত লোৱা হয় । ইয়াৰ পাছতেই দিব্যাংগ কেন্দ্ৰটোৰ সৰ্বাংগীণ উন্নয়ণৰ লক্ষ্যৰে এখন মুকলি সভাও অনুষ্ঠিত কৰে ৷ সভাখনৰ আঁত ধৰে কেন্দ্ৰটোৰ প্ৰধান শিক্ষয়ত্ৰী কুঞ্জলতা দাসে আৰু উদ্দেশ্য ব্যাখ্যা কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই ৷ শিক্ষাবিদ তথা সাংবাদিক বাবুলাল ম’ৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত মুকলি সভাত জেষ্ঠ সাংবাদিক ভবানন্দ কলিতা, ৰঞ্জিত ৰজক, অচ্যুত হাজৰিকা, পলিমা চেতিয়া বসুমতাৰী, অলক জ্যোতি শইকীয়া,কৈলাশ পাটোৱাৰী, পৱন কামানকে ধৰি বিশিষ্ট নাট্যকৰ্মী হৰিপ্ৰসাদ বৰঠাকুৰ,চৈয়দ আনিচুৰ ৰহমান, চন্দ্ৰপ্ৰভা শইকীয়া, মিনতি দলে, মৃদুস্মিতা শৰ্মা, গীতাঞ্জলী কলিতাকে ধৰি বহুকেইজন সচেতন ব্যক্তি উপস্থিত থাকে ৷ উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতেই প্ৰয়াত ৰুণু বৰুৱাৰ ” আমি একোপাহি পদুম” নামৰ পুথিখনো উন্মোচন কৰে গোলাঘাট জিলাৰ উপ সভাপতি কল্পনা চেতিয়াই ৷ ইয়াৰ পাছতে কেন্দ্ৰটোত থকা দিব্যাংগ ছাত্ৰ- ছাত্ৰী সকলক অলপ সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে আগবাঢ়ি আহে খুমটাইৰ জয়া গগৈ মহাবিদ্যালয়ৰ অধ্যাপক দম্পতী ৰূপম তামুলী আৰু ড° সংগীতা বৰঠাকুৰ ৷ তেওঁলোক দুয়োজনে আজি এই উজনি অসম দিব্যাংগ কেন্দ্ৰটোত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলক ৫০ খনৰো অধিক কম্বল বিতৰণ কৰে । ইয়াৰ পাছত সন্ধিয়া দিব্যাংগ কেন্দ্ৰটোৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সাংস্কৃতিক সন্ধিয়া আৰু ফেশ্বন শ্ব’ প্ৰতিযোগিতাও অনুষ্ঠিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *